নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্মাণ সম্পূর্ণ ৰসৰাজৰ সম্বলপুৰৰ প্রার্থনা গৃহঃ অসমলৈ এটি সুখবৰ

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ ওড়িশাৰ সম্বলপুৰস্থিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি বিজড়িত বাসগৃহৰ সংৰক্ষণৰ কাম প্রায় সম্পূৰ্ণ হোৱাৰ পথত৷ অসমীয়া সাহিত্যৰ কাণ্ডাৰী বেজবৰুৱাৰ বাসগৃহ সংৰক্ষণৰ বাবে ওড়িশা চৰকাৰে দায়িত্ব অর্পণ কৰা ইনটেক নামৰ প্রতিষ্ঠানটোৱে প্রথম পর্যায়ত আটকধুনীয়াকৈ সজাই তুলিছে ৰসৰাজৰ প্রার্থনা গৃহ তথা অধ্যয়ন কক্ষ৷

উল্লেখ্য যে সম্বলপুৰত থকা ৰসৰাজৰ উৱলি যোৱা বাসগৃহ সংৰক্ষণৰ বাবে অসমৰ লগতে ওড়িশাতো দাবী উত্থাপন হোৱা সময়তে দুয়োখন চৰকাৰে সাহিত্যৰথীগৰাকীৰ স্মৃতি বিজড়িত বাসগৃহটো সংৰক্ষণৰ বাবে অর্থ–সাহায্য আগবঢ়াবলৈ সন্মত হৈছিল৷ স্মর্তব্য যে সম্বলপুৰত থকা সাহিত্যৰথীৰ বাসগৃহ পথ নির্মাণৰ বাবে এসময়ত ভাঙি পেলোৱাৰ এক সিদ্ধান্ত লৈছিল ওড়িশাৰ গড়কাপ্ঢানী বিভাগে৷ কিয়নো উক্ত বাসগৃহৰ কাষতে ওড়িশা চৰকাৰে নির্মাণ কৰিবলৈ লৈছিল এটা ফ’ৰলেন বিশাল পথ৷

অৱশ্যে ওড়িশাৰে কেইবাজনো ব্যক্তিৰ বিশেষ তৎপৰতা তথা অসম চৰকাৰে বাসগৃহটো সংৰক্ষণৰ বাবে দেখুওৱা আগ্রহৰ বাবেই ৰসৰাজৰ স্মৃতি এতিয়া সংৰক্ষণৰ পথত৷ ইনটেক নামৰ প্রতিষ্ঠানটোৱে ইতিমধ্যে ৰসৰাজৰ বাসগৃহ তথা অধ্যয়ন কক্ষটো বিভিন্ন ধৰণে সজাই–পৰাই তুলি সংৰক্ষিত কৰি ৰাখিব পৰাকৈ সাজু কৰি তুলিছে৷ অহা ছেপ্টেম্বৰ মাহত এই বাসগৃহটো ওড়িশাৰ পর্যটন বিভাগক হস্তান্তৰ কৰা হ’ব৷

উল্লেখ্য যে বেজবৰুৱাৰ বাসগৃহ সংৰক্ষণৰ বাবে অসম চৰকাৰে ৫০ লাখ টকা আৰু ওড়িশা চৰকাৰে ৫৫ লাখ টকাৰ অনুদান আগবঢ়াইছিল৷ বাসগৃহৰ সংৰক্ষণত বিশেষভাৱে জড়িত হৈ পৰা দীপক পাণ্ডাই এই সন্দর্ভত প্রকাশ কৰা মতে, সাজু কৰি তোলা প্রার্থনা গৃহ তথা অধ্যয়ন কক্ষত বেজবৰুৱাৰ বিভিন্ন সৃষ্টিৰাজিৰ এটা পুথিভঁৰাল আৰু ৰসৰাজৰ বিভিন্ন ফটো সংৰক্ষণেৰে এটা ফটো গেলেৰী সাজু কৰি তোলা হ’ব৷ সংৰক্ষণৰ বাবে সংগৃহীত হোৱা ১.৫ কোটি টকাৰ সৰহসংখ্যক ধনেই এতিয়াও ব্যয় নোহোৱাকৈ আছে৷

জমা হৈ ৰোৱা উক্ত পুঁজিৰে ৰসৰাজৰ মূল বাসগৃহৰ সংৰক্ষণৰ কাম অহা অক্টোবৰ মাহৰ পৰা আৰম্ভ হ’ব৷ দীপক পাণ্ডেই প্রকাশ কৰা অনুসৰি ১২টা কোঠাৰ মূল বাসগৃহটোৰ বহু অংশ ইতিমধ্যে জৰাজীর্ণ হৈ গৈছে৷ তদুপৰি তেওঁৰ ৰান্ধনিশালো সম্পূর্ণৰূপে ভাঙি পৰিছে৷ গতিকে অৱশিষ্টভাৱে ৰৈ যোৱা বাসগৃহটো সংৰক্ষণৰ ক্ষেত্রত কিছু সময়ৰ প্রয়োজন হ’ব৷ ওড়িশাৰ পর্যটন বিভাগে মূল বাসগৃহটো অধিক আকর্ষণীয় কৰি তোলাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ অহা সময়ছোৱাত মূল বাসগৃহটো সম্পূর্ণ হৈ উঠিলেই উভয় ৰাজ্যৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব৷

You might also like