নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ ভৱানীপুৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দঃ অ’ল্টোসহ ধৃত দুই গাঞ্জা সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ বজালী জিলাৰ ভৱানীপুৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱানিশা আৰক্ষীয়ে তালাচী চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দৰ্ভত বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা ১২:৪০ বজাত এক গোপন সুত্ৰৰ পম খেদি জিলাখনৰ ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশজ্যোতি ডেকাৰ নেতৃত্বত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এক অভিযান চলোৱা হয়৷ এই অভিযানত এ এচ- ১৩ই- ৯৯০৫ নম্বৰৰ এখন মাৰুটি অ’ল্টো গাড়ীৰ পৰা আৰক্ষীয়ে ৩৪.১৩৮ কিলো গ্ৰাম গাঞ্জা সহ দুজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰে৷ ধৃত গাঞ্জা ব্যৱসায়ী দুগৰাকীয়ে আৰক্ষীৰ জেৰাত নিজকে দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত গৰুখুটি কিৰাকাৰাৰ ক্ৰমে প্ৰয়াত আমীৰুদ্দিনৰ পুত্ৰ ইব্ৰাহিম আলি (৪০) আৰু প্ৰয়াত আব্দুল ৰচিদৰ পুত্ৰ মঃ আফজালুৰ ৰহমান (৩৮) বুলি জানিবলৈ দিছে৷ উল্লেখ্য যে জব্দ কৰা গাঞ্জাখিনি বৰপেটা জিলাৰ কলগাছিয়াৰ পৰা ছিপাঝাৰলৈ লৈ গৈ আছিল বুলি ধৃত সৰবৰাহকাৰী দুজনে আৰক্ষীৰ আগত স্বীকাৰ কৰে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like