নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ভাৰত–বাংলাদেশ সীমান্তৰ বিষখোৱাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ‘সৰহদ কো স্বৰাঞ্জলি’’ অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ কাইলৈ অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ, ধুবুৰী জিলা সমিতিয়ে  জিলাখনৰ গোলকগঞ্জৰ বিধানসভা সমষ্টিৰ ভাৰত–বাংলাদেশ সীমান্তৰ সমীপৰ বিষখোৱাত অনুষ্ঠিত হ’ব ‘‘সৰহদ কো স্বৰাঞ্জলি’’ নামৰ এক বিশেষ কাৰ্যসূচীৰ। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশ ব্যাপি উদযাপিত হৈ থকা ‘‘আজাদি কি অমৃত মহোৎসৱ’’ৰ সৈতে সংগতি ৰাখি জিলাখনৰ বিষখোৱাৰ ‘‘কাৰ্গিল পথাৰ’’ত আয়োজিত সেই অনুষ্ঠানক চলা প্ৰস্তুতি পৰ্ব প্ৰায় সমাপ্তৰ পথত। আজি পুৱাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ মাজতে যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলিছে মঞ্চ আৰু মণ্ডপ নিৰ্মাণৰ কাম। উল্লেখ্য যে, কাইলৈ বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ‘‘সৰহদ কো স্বৰাঞ্জলি’’ অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰিব।  উদ্যোক্তাসকলে সিদিনাৰ সেই বিশেষ কাৰ্যসুচীত জিতুল সোনোৱাল, সীমান্ত শেখৰ,  বিদ্যাসাগৰ, ববিতা শৰ্মা,  মন্মথ বৰুৱা, শৰত ৰাগ, জয় চক্ৰৱৰ্তী,  ত্ৰিৱেণী বুজৰবৰুৱাৰে ধৰি কেইবাগৰাকী স্থানীয় শিল্পীয়ে অংশ ল’ব জনাইছে। সেই শিল্পীসকলে সম্পূৰ্ণ বিনামূলীয়া ভাৱে অনুষ্ঠান পৰিবেশন কৰিব বুলি সদৰি কৰিছে আৰু সিদিনাৰ অনুষ্ঠানত আনুমানিক ৪০ হাজাৰ মান দৰ্শকৰ আগমন ঘটাৰ আশা কৰিছে সংগঠনটোৱে। উল্লেখ্য যে, ৰাজ্যৰ ভাৰত বাংলাদেশ সীমান্তত প্ৰথমবাৰৰ বাবে  আয়োজিত হৈছে এনে এক অনুষ্ঠানৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like