নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘণ্টাত ক’ভিড পজিটিভ ২,৬৬৯জন ব্যক্তি, কলাইগাঁৱৰ বিধায়কো আক্রান্ত

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ ক’ৰোনাৰ ভয়াৱহ সংক্রমণ ৰাজ্যৰ প্রতিটো প্রান্ততে অব্যাহত আছে৷ বিভিন্ন প্রতিৰোধমূলক ব্যৱস্থাৰ পিছতো আক্রান্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে এই ৰোগত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বাঢ়িছে৷ মঙলবাৰে পুনৰ ৪গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য প্রকাশ কৰিছে৷ মৃত্যু হোৱা লোককেইগৰাকী হ’ল– কাছাৰ জিলাৰ সঞ্চিতা পাল চৌধুৰী (৬৫), স্বপ্ণা চৌধুৰী (৬৪), য়াহিনা আহমেদ বৰভূঞা (৪০) আৰু ডিব্রুগড় জিলাৰ ৰমা ৰায় (৫৮)৷ এই ৪গৰাকী লোকৰ সৈতে ক’ভিড–১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫৫লৈ বৃদ্ধি পাইছে৷ ইফালে, বিগত ২৪ ঘণ্টাত ৰাজ্যত ২,৬৬৯গৰাকী ক’ৰোনাত আক্রান্ত হৈছে৷ এই সংখ্যাৰে ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা ৬৪,৪০৬গৰাকীলৈ বৃদ্ধি পাইছে৷ আক্রান্তৰ হাৰ হ’ল ৫.১২ শতাংশ৷ উল্লেখ্য যে বিগত ২৪ ঘণ্টাত ৰাজ্যত ৫২,০৬২গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ মঙলবাৰে আক্রান্ত হোৱা লোকসকলৰ ৩৯৯গৰাকী কামৰূপ (ম) জিলাৰ, ২৫৯গৰাকী ডিব্রুগড় জিলাৰ, ১৮৯গৰাকী কার্বি আংলং জিলাৰ আৰু ১৮১গৰাকী তিনিচুকীয়া জিলাৰ৷ মন কৰিবলগীয়া যে ৰাজ্যত ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ লগে লগে আক্রান্তৰ সংখ্যা ক্রমাৎ বৃদ্ধি পাবলৈ লৈছে৷ স্বাস্থ্য বিভাগে এই লক্ষ্যৰে আজি এক লাখ লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰিব৷ ইফালে, পুনৰ ক’ৰোনাত আক্রান্ত হৈছে আন এজন বিধায়ক৷ কলাইগাঁৱৰ বিপিএফৰ বিধায়ক মহেশ্বৰ বড়ো পজিটিভ হিচাপে চিনাক্ত হৈছে৷ একেদৰে সাংস্কৃতিক মহাসভাৰ সভাপতি পৱিত্র কুমাৰ শর্মা ক’ৰোনাত আক্রান্ত হৈছে৷

You might also like