নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ কাকাৰামাৰীত নাট্যগ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰ: অম্বা যামিনী ন্যাসে প্ৰকাশ কৰি উলিওৱা এখন নাট্য গ্ৰন্থ আজি ওদালগুৰিৰ ভেৰগাঁৱৰ কাকাৰামাৰীত উন্মোচন কৰা হয়। চেউনী কাকাৰামাৰীস্হ তক্ষশীলা বিশ্ববিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মিন্টু ডেকা (মণি) ৰচিত নাট্য গ্ৰন্থ খনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাংবাদিক তথা ‘ৰহস্য’ৰ মুখ্য সম্পাদক বাবু ৰাভা হাকাচামে। ‘পুনৰ প্ৰতিজ্ঞা’ আৰু ‘চুপাৰ হিৰ’ শীৰ্ষক দুখনকৈ বাস্তৱ ধৰ্মী নাট সম্বলিত গ্ৰন্থ খনি উন্মোচন কৰি হাকাচামে লেখিকা মিন্টু ডেকাৰ নাট্য সাধনাৰ প্ৰয়াসক প্ৰশংসা কৰাৰ লগতে আগন্তুক দিনত নাট্যকাৰ গৰাকীয়ে অধিক উচ্চ মানৰ নাট উপহাৰ দিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে। নাট্য সাহিত্য আৰু নাট্য চৰ্চাৰ বিভিন্ন দিশ উল্লেখ কৰি নাট্য কৰ্ম-চৰ্চাৰ সৈতে জড়িত উদীয়মান নাট্য শিল্পী সকলক একাগ্ৰতাৰে সাধনাত ব্ৰতী হ’বলৈ তেওঁ আহ্বান জনায়। তক্ষশীলা বিশ্ববিদ্যালয়, কাকাৰামাৰীৰ সঞ্চালক তথা নাট্যাচাৰ্য পখিলা কলিতাই আঁত ধৰা উক্ত গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ, পৰিচালক তাৰিণী ৰঞ্জন ডেকা, মিন্টু ডেকা, অঞ্চলটোৰ বিশিষ্ট নাগৰিক নাৰায়ণ ৰাভা, জনা ৰাম ৰাভা, ধৰ্মেশ্বৰ ৰাভা, সাংবাদিক গণেশ ডেকা, ধীৰেন মহলীয়াৰ লগতে তক্ষশীলা বিশ্ববিদ্যালয়, কাকাৰামাৰীৰ বিষয় ববীয়া, অভিনয় শিল্পী, কলা -কুশলী সকল উপস্থিত থাকে। উল্লেখ্য যে নাট্যাচাৰ্য পখিলা কলিতাৰ মাতৃ সমাজ হিতৈষী মহিলা যামিনী কলিতাৰ দ্বাদশ মৃত্যু বাৰ্ষিকীও আজি পালন কৰে তক্ষশীলা বিশ্ববিদ্যালয়, কাকাৰামাৰীৰ নাট্য শিল্পী সকলে। এই উপলক্ষে যামিনী কলিতাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নাট্য কৰ্মী সকলে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like