নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুমডুমাৰ ৰ’জবেৰী চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ 

নিয়মীয়া বাৰ্তা, ডুমডুমা, ১২ মে’ : তিনিচুকীয়া জিলাৰ বৃহত্তৰ ডুমডুমা অঞ্চলৰ বিভিন্ন চাহ বাগিচাত বিগত কিছুদিনৰ পৰা  নাহৰফুটুকী বাঘৰ বিচৰণ তথা আক্ৰমণৰ ঘটনাই বাগিচা অঞ্চলত বসবাস কৰা লোকসকলক শংকিত কৰি তোলাৰ সময়তে বন বিভাগে বিগত এটা মাহত বিভিন্ন বাগিচাৰ পৰা তিনিটাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰি ৰাইজক কিছু সকাহ দিয়াৰ পাছত ১১ মে’ৰ সন্ধিয়া আৰু এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় ।

ডুমডুমা চহৰৰ সমীপৰ ৰ’জবেৰী (দৈমুখীয়া) চাহ বাগিচাৰ ৪নং চেকছনত এই বাঘটো পিঞ্জৰাবদ্ধ হয় । উল্লেখ্য যে যোৱা ২০ এপ্ৰিলত উক্ত বাগিচাখনৰ ৪নং চেকছনতে এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হোৱাৰ পাছত বাগিচাখনৰ শ্ৰমিক-কৰ্মচাৰী তথা কাষৰীয়া অঞ্চলৰ আৱাসিকসকলে কিছু স্বস্তিৰ নিশ্বাস লৈছিল । কিন্তু বাগিচাখনৰ শ্ৰমিক-কৰ্মচাৰী আৰু স্থানীয়  আৱাসীসকলৰ পোহনীয়া গৰু-ছাগলী, হাঁহ-কুকুৰা আদি প্ৰায়ে নোহোৱা হোৱাত বাগিচাখনত আৰু বাঘ থকাৰ সন্দেহ কৰি শ্ৰমিক-কৰ্মচাৰীসকলে বাগিচা কৰ্তৃপক্ষক বিষয়টো অৱগত কৰাৰ লগতে বন বিভাগক পিঞ্জৰা পাতিবলৈ দাবী জনায় ।

বাগিচা কৰ্তৃপক্ষ তথা ৰাইজৰ দাবীত ডুমডুমা বন বিভাগে বাগিচাখনৰ ৪ নং চেকছনত পিঞ্জৰাটো স্থাপন কৰাৰ পাছত কালি সন্ধিয়া এই প্ৰকাণ্ড নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয় । বাঘটো আবদ্ধ হোৱাৰ পাছত ডুমডুমা বন বিভাগৰ লোক বাগিচাখনত উপস্থিত হৈ বাঘটো নিজৰ জিম্মাত লয় ।

You might also like