ডিজিটেল ডেস্ক, শিৱসাগৰ, ১২ মে’ : জনপ্ৰিয় কবি জোনমণি দাস আৰু নাই। শিৱসাগৰৰ থানাপট্টি নিবাসী জোনমণি দাস গুৱাহাটীত থকা অৱস্থাতে অসুস্থ হৈ পৰাত তেওঁ শিৱসাগৰলৈ আহি এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হয়। বৃক্ক আৰু যকৃতৰ জটিল ৰোগত আক্ৰান্ত কবিগৰাকীক পাছত চিকিৎসকে উন্নত চিকিৎসাৰ প্ৰয়োজন অনুভৱ কৰাত ডিব্ৰুগড়লৈ নিয়া হয় যদিও আজি দেহাৱসান ঘটে।
উল্লেখ্য যে জোনমণি দাসে প্ৰথম অৱস্থাত চুফী বেকাৰীত গাণনিক হিচাপে কাম কৰাৰ পাছতে গুৱাহাটীৰ পাঞ্চজন্য প্ৰকাশন গোষ্ঠীত যোগদান কৰে। অসমৰ অন্যতম পষেকীয়া আলোচনী ‘প্ৰান্তিক’ৰ সম্পাদনা বিভাগতো জড়িত আছিল জোনমণি দাস। শিশু সাহিত্যিক হিচাপে জোনমণি দাসে প্ৰণয়ন কৰিছিল কেইবাখনো গ্ৰন্থ। স্বপ্নবাক বৰষুণ, জলস্তম্ভ, মৈথুনৰত মাছ, উৰণীয়া ছাঁ, সমকামী সূৰ্য আদি কাব্যগ্ৰন্থৰ স্ৰষ্টা কবিগৰাকীৰ দেহাৱসানত শিৱসাগৰ জিলা কবি সন্মিলন, শিৱসাগৰ কবি চক্ৰৰ লগতে বিভিন্ন অনুষ্ঠানে শোক প্ৰকাশ কৰিছে।
তেওঁৰ নশ্বৰ দেহ বাসগৃহ আহি পোৱাৰ পাছত বাসগৃহত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট কবি পুঞ্জন বৰুৱা, হৰেন গগৈ, বিজয় ৰবি দাস, ৰাজীৱ বৰাকে ধৰি বহুজনে অংশগ্ৰহণ কৰে।