নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন সংসদ ভৱনত ডাকটিকট-৭৫ টকীয়া মুদ্ৰা মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা, ২৮ মে’: দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভাৰ অধ্যক্ষৰ আসনৰ ঠিক ওচৰতে স্থাপন কৰিছিল ঐতিহাসিক ৰাজদণ্ড ‘চেংগল’। সংসদ ভৱন উদ্বোধনৰ পাছত নতুন সংসদৰ ভিতৰতে লোকসভাত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে এটা বিশেষ স্মৃতি ডাক টিকট আৰু ৭৫ টকীয়া মুদ্ৰাও মুকলি কৰে। এই সময়ত বিভিন্ন দলৰ সাংসদ আৰু বিশিষ্ট নাগৰিকসকল উপস্থিত থাকে।

উদ্বোধনী অনুষ্ঠানৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া ১৪০ কোটি ভাৰতীয় নাগৰিকৰ আকাংক্ষা আৰু সপোনৰ প্ৰতিফলন। আজি সমগ্ৰ বিশ্বই ভাৰতলৈ শ্ৰদ্ধা আৰু আশাৰে চাই আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত যেতিয়া আগবাঢ়ি যায়, তেতিয়া বিশ্ব আগবাঢ়ি যায়।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, “এয়া কেৱল এটা অট্টালিকা নহয়, ই ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা আৰু সপোনৰ প্ৰতিফলন। ই বিশ্বলৈ ভাৰতৰ দৃঢ়তাৰ বাৰ্তা প্ৰেৰণ কৰে। ই আমাৰ গণতন্ত্ৰৰ মন্দিৰ।” তেওঁ কয় যে নতুন সংসদ ভৱনে পৰিকল্পনাক বাস্তৱৰ সৈতে, নীতিক নিৰ্মাণৰ সৈতে, ইচ্ছাশক্তিৰ সৈতে কাৰ্য্য আৰু সংকল্পক কৃতিত্বৰ সৈতে সংযোগ কৰা এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ হিচাপে প্ৰমাণিত হ’ব। এই নতুন ভৱনটো আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন পূৰণৰ এক নতুন মাধ্যম হৈ পৰিব। স্বাৱলম্বী ভাৰতৰ সূৰ্য্য উদয়ৰ সাক্ষী হব।

You might also like