নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাব্যগুৰু ড° অজিত দত্তলৈ জীৱন জোৰা সাধনা বঁটা

সাহিত্য জগতত অপ্ৰতিৰোধ্য, অপ্ৰতিদ্বন্দী অনিৰূদ্ধ যাত্ৰাৰে নৱম বৰ্ষ অতিক্ৰম কৰা গুৱাহাটীৰ প্ৰথম খবৰ পাব্লিকেশ্যনে অহা ৫ জানুৱাৰীৰ সন্ধিয়া ৫ বজাত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাৰ সভাগৃহত “শব্দৰ ছন্দ ছতিয়াই” শীৰ্ষক বিশেষ সাহিত্যৰ আলাপ অনুষ্ঠানত একনিষ্ঠ সাধনাৰে ব্ৰতী জন্ম সূত্ৰে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ হাটখোলা গাৱঁৰ শিক্ষাবিদ তথা তিনিচুকীয়া বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক কাৰ্য্যালয়ৰ প্ৰতিষ্ঠাপক মুখ্য সহায়ক প্ৰয়াত হেমচন্দ্ৰ দত্ত আৰু প্ৰয়াত প্ৰধান শিক্ষয়িত্ৰী দীপেশ্বৰী দত্তৰ মাজু পুত্ৰ বিশিষ্ট কবি সাহিত্যিক লোক সংস্কৃতিৰ সাধক কাব্য গুৰু ড° অজিত দত্তক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিব।

অহা ৫ জানুৱাৰীত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ প্ৰয়াত প্ৰফুল্ল গোবিন্দ বৰুৱা সোঁৱৰণী সভাগৃহত কাব্য গুৰু ডঃ অজিত দত্তলৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিব বুলি উক্ত অনুষ্ঠানলৈ নিমন্ত্ৰণ আগবঢ়াইছে।

উল্লেখ্য যে ৫০টা বৰ্ষ নিৰৱচ্ছিন্ন ভাৱে কাব্য সাধনা কৰি অহা ড° দত্তই ইতিমধ্যে অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ তৰফৰ পৰা কাব্য সৌদামিনী,কাব্য কেশৰী,কাব্য সুধা,কাব্য বাগীশ,কাব্য পুৰুষ,কাব্য সুধাকৰ,কাব্য সূৰী,কাব্য ৰত্ন,কাব্য মহৰ্ষি,কাব্য গুৰু আদি অলেখ উপাধিৰে সন্মানিত হৈছে।

ইয়াৰ উপৰিও অনেক বঁটা বাহনেৰে বিভূষিত ড° অজিত দত্ত দেৱৰ ইতিপূৰ্বে ৪খন সাহিত্য সংস্কৃতি মূলক, ৭খন কাব্য গ্ৰন্থ,এখন গল্প সংকলন,এখন একাংকিকা নাট আৰু এখন হৃৎ গাথা প্ৰকাশ পাইছে। ইয়াৰ সহিতে ২০১৩ চনত অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ গ্ৰন্থকাৰ বঁটা,শ্ৰেষ্ঠ কাব্য গ্ৰন্থৰ বঁটা,শ্ৰেষ্ঠ কবিতাৰ বঁটাৰ আৰু লগতে উক্ত বৰ্ষতে যোৰহাট জিলা সাহিত্য সভাৰ পৰা শ্ৰেষ্ঠ কবিতাৰ বঁটা আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ পৰাও শ্ৰেষ্ঠ সংস্কৃতি মূলক শ্ৰেষ্ঠ গ্ৰন্থৰ বঁটা আৰু শ্ৰেষ্ঠ কাব্য গ্ৰন্থৰ বঁটা লাভ কৰাৰ লগতে চলিত ২০২৫ বৰ্ষৰ ৪নৱেম্বৰ তাৰিখে মাজুলী জিলাৰ নতুন কমলাবাৰী সত্ৰৰ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে শ্ৰীশ্ৰী কমলাবাৰী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ গুৰু দক্ষিণ কুলীয়া আতৈ পুৰুষৰ বঢ়াৰ বুঢ়া ভকত প্ৰয়াত ৰূপৰাম বুঢ়াভকতৰ সোঁৱৰণত কাব্য গুৰু ড° অজিত দত্ত দেৱক “বৈষ্ণৱ প্ৰাণ বঁটা ২০২৫ প্ৰদান কৰে আৰু ৰাস মহোৎসৱ ভাগীৰ উদ্বোধক হিচাপেও দায়িত্ব পালন কৰে।

বিশেষ বাৰ্তা, ডিব্ৰুগড, ৩০ ডিচেম্বৰ

You might also like