ভাইৰেণ্টি কেম্পত শোকাৱহ ঘটনা, হাৰ্টএটেকত মৃত্যু CRPF জোৱানৰ
মিজোৰামৰ ভাইৰেন্টিস্থিত CRPF কেম্পত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। সহকৰ্মীৰ সৈতে বেডমিণ্টন খেলাৰ সময়তে হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় এজন CRPF জোৱানৰ। মৃত জোৱানজন কাছাৰ জিলাৰ উধাৰবন্দৰ লাওথাই বস্তিৰ বাসিন্দা ৰঞ্জিত সিংহ বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ৰঞ্জিত সিংহ মিজোৰামৰ ভাইৰেন্টিস্থিত CRPF কেম্পত কৰ্তব্যৰত আছিল। যোৱা পৰহি নিশাৰ ভাগত কেম্প চৌহদত সহকৰ্মীৰ সৈতে বেডমিণ্টন খেলাৰ সময়তে হঠাৎ অসুস্থ হৈ বাগৰি পৰে জোৱানজন। লগে লগে সহকৰ্মীসকলে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও কৰ্তব্যৰত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
এই মৰ্মান্তিক ঘটনাৰ পাছত জোৱানজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত মৃতদেহটো স্বগৃহলৈ লৈ যোৱা হয়। উধাৰবন্দৰত ৰাষ্ট্ৰীয় মৰ্যাদাৰে জোৱানজনক শেষ শ্ৰদ্ধা নিবেদন কৰা হয় আৰু সম্পন্ন কৰা হয় শেষকৃত্য।
কৰ্তব্যৰত অৱস্থাতে জোৱানজনৰ এনে আকস্মিক মৃত্যুত পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। স্থানীয় লোকে জোৱানজনৰ দেশসেৱাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
ডিজিটেল ডেস্ক, ৩০ ডিচেম্বৰ