যোৱা দুমাহ ধৰি লিফ্ট বন্ধ হৈ আছে নলবাৰী মেডিকেল কলেজ হাস্পতালৰ। যাৰ ফলস্বৰূপে চিকিৎসালয়খনিলৈ যোৱা ৰোগী আৰু ৰোগীৰ আত্মীয়, নাৰ্ছ, চিকিৎসক, চিকিৎসা কৰ্মীকে ধৰি সকলোৱে যন্ত্ৰণা ভুগি আছে।
স্বাস্থ্য বিভাগৰ জয় জয় ময় ময় অৱস্থাৰ সময়ত নলবাৰী মেডিকেল কলেজ হাস্পতাললৈ যোৱা ৰোগী আৰু ৰোগীৰ আত্মীয়ই লিফ্ট বন্ধ হৈ থকাৰ বাবেই ভীষণ সমস্যাত ভূগি আহিবলগীয়া হৈছে। এখন চিকিৎসা মহাবিদ্যালয় হস্পিটালৰ ৪/৫টা লিফ্ট বন্ধ হৈ থকা বিষয়টোৱেই স্বাস্থ্য বিভাগ আৰু চিকিৎসা মহাবিদ্যালয় কতৃপক্ষৰ ফোপোলা স্বৰুপটোকে উদঙাই দিছে।
নলবাৰী জিলাকে ধৰি জিলাখনৰ লগতে দাতিকাষৰীয়া অঞ্চলসমূহৰ পৰা নলবাৰী মেডিকেল কলেজ হস্পিটাললৈ নিতৌ আহে ৰোগী। পিছে চিকিৎসা মহাবিদ্যালয়খনিলৈ অহা ৰোগী আৰু ৰোগীৰ আত্মীয়ই ভীষণ সমস্যাত ভূগি অহাৰ অভিযোগ আনিছে বিভিন্নজনে।
কেইদিনমান পূৰ্বে বাঁহজানীৰ এগৰাকী ৰোগীৰ লগতে আন এজন ৰোগী লিফ্ট নোহোৱা বাবে বহুত কষ্ট পাবলগা হৈছে। লক্ষনীয় ভাৱে চিকিৎসা মহাবিদ্যালয়খনিৰ কটা চিঙা বিভাগ অৰ্থাৎ অৰ্থোপেডিক বিভাগটো আছে তৃতীয় মহলাত। এতিয়া লিফ্ট নোহোৱা অৱস্থাত ৩ নং মহলালৈ ভৰি ভঙা, ককাল ভঙা লোকসকলক নিয়াটো অসহ্যকৰ হৈ পৰা বুলিও মত ব্যক্ত কৰিছে স্থানীয় লোকসকলে।
অন্যহাতে চিকিৎসা মহাবিদ্যালয়খনিৰ আই চি ইউ আছে পঞ্চম মহলাত। লিফ্ট বন্ধ হৈ থকাৰ ফলত জৰুৰীকালীন ৰোগীক পঞ্চম মহলালৈ নিয়াটো অসহ্যকৰ হৈ পৰাৰো অভিযোগ আনিছে বিভিন্নজনে।
স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন অহাৰ শ্লোগান বজোৱা বিয়াগোম স্বাস্থ্য বিভাগে ৰাইজৰ এনে সমস্যা সমুহ কেতিয়ালৈ বাৰু দিব গুৰুত্ব । সেয়াই এতিয়া প্ৰশ্ন সকলোৰে মুখে মুখে।
নিয়মীয়া বাৰ্তা,বাঁহজানী : Date of Published, 8 July