নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ববেংকৰ সকীয়নিঃ দেশৰ জিডিপি ৮.৭ৰ পৰা ৮ শতাংশলৈ হ্রাস পাব

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধৰ ফলত দেশৰ মুদ্রাস্ফীতি বর্ধিত হৈ থকাৰ পৰিপ্রেক্ষিতত ২০২২–২৩ বিত্তীয় বর্ষত জি ডি পি ৮ শতাংশলৈ হ্রাস পাব৷ ইতিপূর্বে দেশৰ জি ডি পি ৮.৭ শতাংশ বুলি ঘোষণা কৰা বিশ্ববেংকে আজি দেশৰ জি ডি পি পূর্বতকৈ কর্তন কৰি ৮ শতাংশ হ’ব বুলি সম্ভাৱনা ব্যক্ত কৰিছে৷ এছিয়াৰ অন্যতম বৃহৎ অর্থনীতিৰ দেশ ভাৰতৰ চলিত বিত্তীয় বর্ষত জি ডি পি ৮ শতাংশলৈ হ্রাস পাব বুলি বিশ্ববেংকৰ প্রতিবেদনত প্রকাশ পাইছে৷

প্রতিবেদনত উল্লেখ কৰা মতে, আন্তর্জাতিক বিনিয়োগকাৰী আৰু ঋণ প্রদান কৰোঁতাই প্রকাশ কৰা মতে, ক’ভিড–১৯ৰ পৰা শ্রমিকৰ বজাৰখন পুনৰুদ্ধাৰ নোহোৱা বাবেই পৰিয়ালৰ ক্রয় ক্ষমতা হ্রাস পাইছে আৰু দেশজুৰি মুদ্রাস্ফীতিৰ হেঁচা বৃদ্ধি পাইছে৷ ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ ফলত ইন্ধন আৰু খাদ্য–সামগ্রীৰ মূল্য বৃদ্ধি পোৱাত জনতাৰ ওপৰত নেতিবাচক প্রভাৱ পৰিছে৷ বিশ্ববেংকৰ দক্ষিণ এছিয়াৰ উপাধ্যক্ষ হার্টৱিক শ্বফাৰে বিবৃতিত ভাৰত সম্বন্ধত উল্লিখিত তথ্য প্রকাশ কৰিছে৷

ইপিনে এছিয়ান ডেভেলপমেণ্ট বেংকে ২০২২ৰ আৰম্ভতে ভাৰতে বিশ্বৰ দ্রুতগতিত বিকশিত অর্থনীতিৰ স্থান বাহাল ৰাখিব বুলি উল্লেখ কৰি ২০২২–২৩ বিত্তীয় বর্ষত দেশখনৰ বিকাশৰ হাৰ ৭.৫ শতাংশ হ’ব বুলি প্রকাশ কৰিছে৷ এছিয়ান ডেভেলপমেণ্ট বেংকে আনকি ২০২৩–২৪ বিত্তীয় বর্ষত দেশৰ অর্থনীতি উজ্জীৱিত হৈ ৮ শতাংশলৈ বৃদ্ধি পাব বুলি প্রতিবেদনত প্রকাশ কৰিছে৷

উল্লেখ্য যে দেশৰ খুচুৰা মুদ্রাস্ফীতি বিগত ১৬ মাহৰ ভিতৰত সর্বাধিক হৈ মার্চত ৬.৯৫ শতাংশ হৈছে৷ ফেব্রুৱাৰী মাহত এই খুচুৰা মুদ্রাস্ফীতি ৬.০৭ শতাংশ আছিল৷ এই মুদ্রাস্ফীতিৰ ফলতেই দেশত অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ দাম বৃদ্ধি পাইছে৷

You might also like