নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রফেচৰ এমেৰিটাছ ড০ অমৰেশ দত্ত প্রয়াত

ইংৰাজী–বাংলা সাহিত্যৰ বিদগ্ধ পণ্ডিত

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ বিশিষ্ট শিক্ষাবিদ, প্রসিদ্ধ সাহিত্যিক–বুদ্ধিজীৱী শ্বেইক্সপীয়েৰ বিশেষজ্ঞ, প্রফেছৰ এমেৰিটাছ সন্মানেৰে বিভূষিত ড০ অমৰেশ দত্তৰ বৃহস্পতিবাৰে পুৱা প্রায় ৭.৫০ বজাত ডিব্রুগড় চহৰৰ নালিয়াপুলস্থিত নিজা বাসগৃহত পৰলোকপ্রাপ্তি ঘটে৷ ১৯২০ চনত জন্মগ্রহণ কৰা ড০ দত্তই ইংৰাজী সাহিত্যত স্নাতকোত্তৰ তথা ডক্টৰেট ডিগ্রী লাভ কৰি মধ্য প্রদেশৰ সৌগৰ বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে অধ্যাপনা কৰাৰ পৰৱত্ সময়ত ১৯৬০ চনৰ পৰা ১৯৮০ চনলৈ সুদীর্ঘ কুৰি বছৰ কাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাধ্যাপক ৰূপে কার্যনির্বাহ কৰে৷ পৰৱত্ সময়ত ড০ অমৰেশ দত্তই ডিব্রুগড বিশ্ববিদ্যালয়ত যোগদান কৰি বিশ্ববিদ্যালয়খনৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কৃতিত্বৰে কার্যনির্বাহ কৰিছিল৷ ড০ দত্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা শাখাৰ অধ্যাপকসকলৰ ডীন হিচাপেও দায়িত্ব পালন কৰিছিল৷

উল্লেখ্য যে ড০ দত্তৰ তত্ত্বাৱধানত ত্রিশগৰাকীৰো অধিক গৱেষকে গৱেষণা কৰি সন্মানীয় ডক্টৰেট ডিগ্রী লাভ কৰে৷ ড০ অমৰেশ দত্তৰ উল্লেখযোগ্য গ্রন্থখন হ’ল– ‘শ্বেইক্সপীয়েৰছ ড্রেজিক ভিজন এণ্ড আর্ট’৷ এই গৱেষণামূলক গ্রন্থখন আন্তঃৰাষ্ট্রীয় পর্যায়তো সমাদৃত হৈছিল৷ ইয়াৰ উপৰি তেওঁৰ উল্লেখযোগ্য কেইখনমান গ্রন্থ হ’ল– ‘ল’টাছ এণ্ড দ্য ক্রেছ’, ‘কেপটিভ মমেণ্টছ’, ‘টাইমছ হাৰভেষ্ট’ আদি৷ ইংৰাজী সাহিত্যৰ লগতে বাংলা সাহিত্যতো গভীৰ দখল থকা ড০ দত্তৰ বাংলা নাটকত ইংৰাজী সাহিত্যৰ প্রভাৱ সম্পর্কে গৱেষণামূলক গ্রন্থও প্রকাশ পাইছে৷ ১৯৫২ চনত ৰোমত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় কবিতা প্রতিযোগিতাত প্রথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা ড০ অমৰেশ দত্ত সাহিত্য অকাডেমিৰ ভাৰতীয় সাহিত্যৰ বিশ্বকোষ প্রণয়ন সমিতিৰ প্রধান সম্পাদক হিচাপেও সুখ্যাতিৰে দায়িত্ব পালন কৰিছিল৷ তেওঁৰ সম্পাদনাত প্রকাশিত ‘এনচাইক্ল’পেডিয়া অৱ ইণ্ডিয়ান লিটাৰেচাৰ’ৰ আটাইকেইটা খণ্ড ভাৰতীয় সাহিত্যৰ বাবেই এক অমূল্য সম্পদ হিচাপে ইতিমধ্যে স্বীকৃত হৈছে৷ উল্লেখ্য যে সাহিত্যৰ ক্ষেত্রখনলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে ড০ অমৰেশ দত্তই ২০১০ চনত কমল কুমাৰী ৰাষ্ট্রীয় বঁটা, ২০১৯ চনত কৃষকান্ত সন্দিকৈ ৰাষ্ট্রীয় বঁটাকে ধৰি বহু সন্মান লাভ কৰিছিল৷ তেওঁক ডিব্রুগডৰ ড০ নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদে পৰিষদৰ সর্বোচ্চ সন্মান ‘সাৰস্বত সন্মান’ প্রদান কৰি সন্মানিত কৰিছিল৷ আজি পুৱা বৰেণ্য শিক্ষাবিদ, সাহিত্যিকগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্র চহৰখনত গভীৰ শোকৰ ছাঁ পৰে আৰু বহুকেইজন বিশিষ্ট ব্যক্তি তেওঁৰ বাসগৃহলৈ গৈ অন্তিম শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পৰৱত্ সময়ত ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নির্দেশমর্মে জিলা প্রশাসনে ৰাজ্যিক মর্যাদাৰে ড০ অমৰেশ দত্তৰ শেষকৃত্য স্থানীয় চৌকিডিংগী শ্মশানত সম্পন্ন কৰে৷ শেষকৃত্য অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী তথা ডিব্রুগডৰ সাংসদ ৰামেশ্বৰ তেলী, স্থানীয় বিধায়ক প্রশান্ত ফুকন, ডিব্রুগড জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, আৰক্ষী অধীক্ষক শ্রীজিৎ টি, প্রশাসনৰ বহুকেইজন শীর্ষ বিষয়াকে ধৰি বহু গুণমুগ্ধ উপস্থিত থাকে৷ ড০ অমৰেশ দত্তৰ নশ্বৰ দেহত মুখাগ্ণি কৰে পুত্র ড০ অসীমাভ দত্তই৷ পিতৃৰ শেষকৃত্য সম্পন্ন হোৱাৰ পূর্বে সংবাদ মাধ্যমৰ স’তে হোৱা বর্তালাপত

ড০ অসীমাভ দত্তই পিতৃক সুঁৱৰি কয়– ‘মোৰ পিতৃ এজন অতি যোগাত্মক চিন্তাৰ অধিকাৰী ব্যক্তি আছিল৷ মৃত্যুৰ আগমুহূর্তলৈ তেওঁৰ নতুন কিবা এটা শিকাৰ এটা অনুসন্ধিৎসু মন আছিল৷ তেওঁ মানুহক সদায় আগবাঢ়ি যাবলৈ অনুপ্রেৰণা যোগাইছিল৷ আজিৰ পৰা মই মোৰ এজন অনুপ্রেৰণাদাতাক হেৰুৱালোঁ৷’ প্রয়াত পিতৃক মৃত্যুৰ পৰৱত্ সময়ত ৰাজ্য চৰকাৰে ৰাজ্যিক মর্যাদাৰে অন্তিম শ্রদ্ধা জ্ঞাপন কৰাৰ বাবে পুত্র অসীমাভ দত্তই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালকে ধৰি ৰাজ্য চৰকাৰখনক কৃতজ্ঞতা জ্ঞাপন কৰে৷ শেষকৃত্যস্থলীত উপস্থিত থকা কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীয়ে প্রয়াত ড০ অমৰেশ দত্তৰ প্রতি শ্রদ্ধা নিবেদন কৰি কয় যে ড০ অমৰেশ দত্ত আছিল বিৰল প্রতিভাৰ অধিকাৰী৷ প্রচাৰবিমুখ এইগৰাকী পণ্ডিত, শিক্ষাবিদ, সাহিত্যিক আৰু এজন লাভ কৰাটো ৰাজ্যৰ বাবেই কঠিন হ’ব৷ ডিব্রুগডৰ বিধায়ক প্রশান্ত ফুকনে ড০ দত্তৰ প্রতি অন্তিম শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি কয়– ‘মই প্রায়েই তেওঁৰ ওচৰলৈ গৈ তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাাৰ লগতে দু–আষাৰ কথা পাতিছিলোঁ৷ তেওঁ অতিশয় প্রেৰণাদায়ক ব্যক্তি আছিল৷ তেওঁৰ মৃত্যু কেৱল ডিব্রুগডৰ বাবেই নহয়, সমগ্র অসমৰ বাবেই এক বৃহৎ ক্ষতি৷’ ড০ দত্তৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান তথা দল–সংগঠনে গভীৰ শোক প্রকাশ কৰিছে৷ ডিব্রুগড বিশ্ববিদ্যালয় পৰিয়ালৰ হৈ সহকাৰী পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱালে কাকতলৈ প্রেৰণ কৰা এক বিজ্ঞপ্তিত কয় যে ইংৰাজী সাহিত্যৰ পণ্ডিত, গুৱাহাটী আৰু ডিব্রুগড বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্রাক্তন মুৰব্বী অধ্যাপক ড০ অমৰেশ দত্তই শ্বেইক্সপীয়েৰৰ ওপৰত অগাধ গৱেষণামূলক গ্রন্থ ৰচনা কৰাৰ লগতে ‘এনচাইক্ল’পেডিয়া অৱ ইণ্ডিয়ান লিটাৰেচাৰ’ৰ আটাইবোৰ খণ্ড সম্পাদনা কৰি বিশ্ব সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে৷ তেওঁৰ দৰে এজন বিদগ্ধ পণ্ডিতৰ বিয়োগ নিঃসন্দেহে ৰাজ্যৰ বৌদ্ধিক আৰু শৈক্ষিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি৷ ড০ অমৰেশ দত্তৰ মৃত্যুত ডিব্রুগড জিলা ছাত্র সন্থা, ডিব্রুগড জিলা সাহিত্য সভা, ডিব্রুগড সাহিত্য সভা, বৃহত্তৰ ডিব্রুগড প্রেছ ক্লাব, ডিব্রুগড জিলা সাংবাদিক সন্থাকে ধৰি বহু দল–সংগঠন আৰু বিশিষ্ট ব্যক্তিয়ে গভীৰ শোক ব্যক্ত কৰি শোকসন্তপ্ত পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰিছে৷
ড০ অমৰেশ দত্তৰ মৃত্যুত চন্দ্রমোহন পাটোৱাৰীৰ শোক
প্রফেছৰ এমেৰিটাছ ড০ অমৰেশ দত্তৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে ৰাজ্যৰ উদ্যোগ–বাণিজ্যমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ এক শোকবার্তাত মন্ত্রী পাটোৱাৰীয়ে বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃত্যুত ৰাজ্যত এক অপূৰণীয় ক্ষতি হ’ল বুলি মন্তব্য কৰি সমাজলৈ অমৰেশ দত্তই আগবঢ়াই যোৱা অৱদান সকলোৱে মনত ৰাখিব বুলি উল্লেখ কৰে৷ মন্ত্রীগৰাকীয়ে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে৷

You might also like