নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতুর্থ পর্যায়ৰ লকডাউনঃ ১০০ শতাংশই খোলা থাকিব দোকান ব্যৱসায়িক প্রতিষ্ঠান

নিয়মীয়া বাৰ্তা, ১৮ মেঃ  কেন্দ্রীয় চৰকাৰে ৩১ মে’লৈ লকডাউন বৃদ্ধি কৰি নতুন নিয়মাৱলী প্রকাশ কৰাৰ পিছতে অসমৰ ক্ষেত্রতো কেতবোৰ নতুন নীতি–নির্দেশনা জাৰি কৰা হৈছে৷ দেওবাৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই এখন সংবাদ মেলযোগে এই নতুন নির্দেশনাসমূহ অসমত  প্রযোজ্য কৰাৰ বিষয়ে সদৰী কৰি কয় যে ৰাজ্যৰ চৰকাৰী–বেচৰকাৰী কার্যালয়সমূহৰ কর্মচাৰীৰ উপস্থিতি ১০০ শতাংশৰ অনুমতি দিয়া হৈছে৷

ইয়াৰ পূর্বে চৰকাৰী কার্যালয়সমূহত ৫০ শতাংশ কর্মচাৰীৰ উপস্থিতিৰে কাম কৰিবলৈ নির্দেশ দিয়া হৈছিল৷ ১০০ শতাংশ কর্মচাৰীৰে কাম কৰাৰ ক্ষেত্রত কাইলৈ ৰাজ্য চৰকাৰে নির্দেশনা জাৰি কৰিব বুলি শীর্ষ বিষয়াজনে জানিবলৈ দিয়ে৷

ইপিনে, কেন্দ্রীয় চৰকাৰৰ নতুন নিয়মাৱলীৰ ভিত্তিত এতিয়াৰে পৰা ৰাজ্যত সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ অব্যাহত থাকিব সান্ধ্য আইন৷ ইয়াৰ পূর্বে অসমত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছিল৷

আনহাতে, সংবাদ মেলত মুখ্য সচিবগৰাকীয়ে এইবুলিও কয় যে ক’ৰোনা আক্রান্ত ৰোগীৰ হাৰলৈ চাই যিকোনো অঞ্চলত ৰেড, গ্রীন অথবা অ’ৰেঞ্জ জ’ন হিচাপে ঘোষণা কৰাৰ কর্তৃত্ব ৰাজ্য চৰকাৰসমূহক অর্পণ কৰা হৈছে৷ সেয়েহে আগন্তুক সময়ত অসমত পজিটিভ ৰোগীৰ সংখ্যালৈ চাই ৰেড, অ’ৰেঞ্জ অথবা গ্রীন জ’ন হিচাপে চিনাক্ত কৰাৰ বিপৰীতে কণ্টেইনমেণ্ট জ’ন আৰু কণ্টেইনমেণ্ট জ’নৰ চৌপাশৰ অঞ্চলটো বাফাৰ জ’ন হিচাপে ঘোষণা কৰা হ’ব৷

এইক্ষেত্রত কণ্টেইনমেণ্ট জ’নৰ কঠোৰ নীতি–নিয়ম বলৱৎ কৰা হ’ব বুলিও তেওঁ সদৰী কৰে৷ আনহাতে, বাফাৰ জ’নত পজিটিভ যোগাযোগ নিৰীক্ষণ তীক্ষ্ণ কৰা হ’ব৷

ইফালে, পূর্বৰ দৰেই শ্বপিং মল, চিনেমা হল, বাৰ আদি বন্ধ থাকিব বুলি উল্লেখ কৰি তেওঁ কয়– ‘চেলুন, বিউটী পার্লাৰসমূহ বন্ধ থাকিব৷ কিন্তু পূর্বৰ নির্দেশনা মর্মে নাপিতে ঘৰলৈ গৈ চুলি কাটিব পাৰিব৷ পূর্বৰ দৰে চাৰিচকীয়া বাহনসমূহত চালক আৰু দুজন আৰোহীহে যাব পাৰিব৷ দুচকীয়া বাহনত উঠিব নোৱাৰিব পুৰুষ আৰোহী৷ আনহাতে, সকলো দোকান খোলাৰ বিষয়টো আমি আলোচনা কৰি খোলা ৰখাৰ সিদ্ধান্ত লোৱা হৈছে৷’ সংবাদ মেলত অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই পূর্বৰ দৰেই লকডাউনৰ নিয়মসমূহ কঠোৰভাৱে বলৱৎ হৈ থাকিব বুলি সদৰী কৰি কয়–‘সামাজিক ব্যৱধান আৰু মাস্ক পৰিধানৰ ক্ষেত্রত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷ এনে নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷’

You might also like