নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদত উচুপি উঠিল প্ৰধানমন্ত্ৰী মোদীঃ ৰাজ্যসভাৰ পৰা অৱসৰ ‘বন্ধু’ গুলাম নবী আজাদৰ

নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ ৰাজনীতিত শাসকীয় দল আৰু বিৰোধী দলৰ বিভিন্ন আদৰ্শগত মতানৈক্য থাকিলেও ইজনে সিজনৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কও বৰ্তাই চলে। বৰ্তমান শাসন-বিৰোধীৰ যুঁজ দেখা যায় যদিও কিন্তু বিৰল তেওঁলোকৰ মাজৰ বন্ধুত্বৰ কাহিনী। মঙলবাৰে ৰাজ্যসভাত এনে এটা ঘটনাই দেখিবলৈ পোৱা গৈছিল। কংগ্রেছ নেতা গুলাম নবী আজাদৰ ৰাজ্যসভাৰ পৰা অৱসৰ লোৱাৰ সময়ত আবেগিক হৈ উঠিল প্ৰধানমন্ত্ৰী মোদী। ধৰি ৰাখিব নোৱাৰিলে তেওঁ নিজৰ চকুলো। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণৰ মাজতে উঠুপি উঠা দেখা গ’ল।

প্রধানমন্ত্রীয়ে কয়, ”গুলাম নবী আজাদে কেৱল নিজৰ দলৰ কথাই ভাবে যে তেনে নহয়, সমান্তৰালকৈ তেওঁ দেশ আৰু ৰাজ্যসভাৰ প্রতিও চিন্তা কৰে।”

প্রতিদিন এনে দৃশ্য দেখা নাযায়। মঙলবাৰে সেই বিৰল ছবি দেখা গ’ল। বন্ধু আজাদ তেওঁৰ ভবিষ্যতৰো সংগী। ৰাজনীতিত প্ৰৱেশ কৰাৰ সময়ৰ পৰায়ে নবীৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰধানমন্ত্ৰী মোদীৰ। আৰু বর্ষীয়ান এই বন্ধুত্ব অটুট ৰখাৰ বাবে দায়িত্ববদ্ধ প্রধানমন্ত্রী। বিদায়ী ভাষণত প্ৰধানমন্ত্ৰীয়ে গুজৰাটত দুবাৰ মুখ্যমন্ত্ৰী হোৱাৰ ঘটনাৰ বিষয়েও উল্লেখ কৰে।

আবেগপ্রৱণ প্রধানমন্ত্রীয়ে কয়, “সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে গুজৰাটৰ লোকসকল কাশ্মীৰত আৱদ্ধ হৈ থাকোতে মই নবী আজাদৰ প্ৰচেষ্টা আৰু প্ৰণৱ মুখাৰ্জীৰ প্ৰচেষ্টাক কেতিয়াও পাহৰিব নোৱাৰিম। গোলাম নবী জীয়ে নিৰন্তৰ অনুসন্ধান কৰি আছিল, তেওঁ ইমানেই উদ্বিগ্ন হৈ পৰিছিল যেন আৱদ্ধ লোকসকল তেওঁৰ নিজৰ পৰিয়ালৰ সদস্য হে আছিল। ”

নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি প্ৰধানমন্ত্ৰী পুনৰ কয়, “পদ, কাৰ্যালয়, শক্তিয়ে হওক সকলো কেনেদৰে পৰিচালনা কৰিব লাগে, সেয়া আমি নবী আজাদৰ পৰা শিকিব লাগে। মই তেওঁক সদায়ে এজন প্ৰকৃত বন্ধু বুলি ভাবো।” 

You might also like