নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ ৰাজপথত দাউদাউকৈ জ্বলিল চলন্ত বিলাসী বাহন

🔹 কথমপি ৰক্ষা বাহনৰ গৰাকী

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল : শনিবাৰে নিশাৰ ভাগত দুলীয়াজানৰ ৰাজপথত সংঘটিত হয় এক ভয়ংকৰ ঘটনা । চলন্ত অৱস্থাতে দাউদাউকৈ জ্বলি উঠিল এখন বিলাসী গাড়ী। দুলীয়াজান অইল আৱাসিক অঞ্চলত অৱস্থিত অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত জ্বলি উঠে AS-03 AE-7002 নম্বৰৰ টাটা নেক্সন গাড়ী এখন। লগে লগে বাহনখনৰ গৰাকীয়ে গাড়ীৰ পৰা নামি অইলৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । খবৰৰ ভিত্তিত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও গাড়ীখনৰ সন্মুখৰ ইঞ্জিনৰ অংশ সম্পূৰ্ণৰূপে জ্বলি  যায় । গাড়ীখন অইল ইণ্ডিয়া লিমিটেডৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগৰ বিষয়া দুলু প্ৰসাদ দাসৰ বুলি জানিব পৰা গৈছে। যান্ত্ৰিক বিজুতিৰ ফলতেই গাড়ীখন জ্বলি যোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like