নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মার্ট ঘড়ীৰ সতর্কবাণী, হর্ষধ্বনিত নষ্ট হ’ব পাৰে শ্রৱণশক্তি

🔹 হাতত বেট লৈ ক্রিজ অভিমুখে মহেন্দ্র সিং ধোনী

বিশেষ বাৰ্তা, ২১ এপ্রিল : দিনকদিনে বৃদ্ধি পাইছে ধোনীভক্তৰ সংখ্যা৷ প্রায় চাৰি বছৰ পূর্বে আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিছে যদিও জনপ্রিয়তা হ্রাস পোৱা নাই ধোনীৰ৷ বৰঞ্চ বৃদ্ধিহে হৈছে৷ কেৰিয়াৰৰ অন্তিমখন আইপিএলত ভাগ লোৱা চেন্নাই ছুপাৰ কিংছৰ প্রাক্তন অধিনায়ক ৪২ বছৰীয়া মহেন্দ্র সিং ধোনীৰ জনপ্রিয়তা আকাশলংঘী হৈছে৷ শুকুৰবাৰে নিশা লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিপক্ষে খেলা মেচখনত বেটিং কৰিবলৈ খেলপথাৰত প্রৱেশ কৰাৰ লগে লগে সমগ্র ষ্টেডিয়ামত উপস্থিত থকা দর্শকসকলে হাত চাপৰিৰে ধোনীক অভিনন্দন জনোৱাৰ লগতে ধোনী ধোনী বুলি চিঞৰি তেওঁৰ জনপ্রিয়তাক পুনৰ প্রমাণ কৰে৷ মেচখনত বেটিং কৰিবলৈ ওলাই অহাৰ সময়ত একনা ষ্টেডিয়ামত শব্দৰ মাত্রা ৯৫ ডেচিবেল অতিক্রম কৰে৷ এই স্তৰত ১০ মিনিটৰ অবিৰত শব্দই যিকোনো ব্যক্তিক সাময়িকভাৱে বধিৰ কৰি তুলিব পাৰে৷ ধোনীৰ জনপ্রিয়তা আৰু তেওঁৰ প্রতি ক্রিকেট অনুৰাগীৰ উন্মাদনাৰ প্রমাণ লক্ষ্ণৌৰ উইকেটকীপাৰ–বেটাৰ কুইণ্টন ডি ক’কৰ পত্নী ছাছা ডি ক’কৰ স্মার্ট ঘড়ীত বন্দী হৈছে৷ বিস্মিত ছাছাই ছ’চিয়েল মিডিয়াত ধোনীয়ে বেটিং কৰিবলৈ অহাৰ সময়ত ঘড়ীৰ পর্দাৰ এখন ছবি শ্বেয়াৰ কৰে৷ কেৱল দক্ষিণ আফ্রিকাৰ ক্রিকেটাৰগৰাকীৰ পত্নীয়েই নহয়, ৱেষ্ট ইণ্ডিজৰ নিক’লাছ পুৰানেও ধোনীৰ অপৰিসীম জনপ্রিয়তাক লৈ আচৰিত হৈছে৷ তেওঁ কয়– কেৱল এই ছিজনতে নহয়, প্রতিটো ছিজনতে মই একেখিনি কথাই দেখিছোঁ৷ ধোনী যেতিয়া বেটিং কৰিবলৈ আহে, তেতিয়া গেলাৰীলৈ চাই হালধীয়া সাগৰত থকাৰ দৰে অনুভৱ হয়৷ এক আচৰিত দৃশ্য৷ ভাৰতত ধোনীয়ে জাতীয় নায়কৰ সন্মান পায়৷ আমাৰ দেশৰ সকলোৱে লাৰাৰ অন্ধ অনুৰাগী৷ কিন্তু ধোনীৰ জনপ্রিয়তা দেখাটোও এক ডাঙৰ অভিজ্ঞতা৷ ধোনীৰ দৰে ক্রিকেটাৰৰ সৈতে খেলাৰ সুযোগ পাই গৌৰৱ অনুভৱ কৰিছোঁ৷ এই মুহূর্তবোৰ পাহৰিব নোৱাৰি৷ লক্ষ্ণৌৰ অধিনায়ক লোকেশ ৰাহুলেও স্বীকাৰ কৰে যে ধোনী যেতিয়া বেটিং কৰিবলৈ ওলাই আহে তেতিয়া পৰিস্থিতি নিমিষতে সলনি হয়৷

You might also like