নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত কংগ্ৰেছত মোক্ষম আঘাত, বৰভেটি মণ্ডল কংগ্ৰেছৰ সম্পাদকে যোগ দিলে বিজেপিত

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনৈতিক দৃশ্যপট আকৰ্ষণীয় হৈ পৰিছে। যি সময়ত কংগ্ৰেছৰ বাঘা বাঘা নেতাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে ঠিক একেই দৃশ্য দেখিবলৈ পোৱা গৈছে চামগুৰি সমষ্টিতো।

চামগুৰি সমষ্টিৰ বৰভেটি গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সম্পাদক জোনমণি বৰদলৈয়ে বিজেপি দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। চামগুৰি সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অনিল শইকীয়াই বিজেপি দলত যোগদান কৰা জোনমণি বৰদলৈক গামোচাৰে আদৰে। আগন্তুক দিনত বৰভেটি গাঁও পঞ্চায়তত কংগ্ৰেছত খহনীয়া আৰম্ভ হ’ব বুলি বিভিন্নজনে মন্তব্য আগবঢ়াইছে।

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ২৩ মাৰ্চ :
You might also like