নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেচন কার্ডত তিনি মাহৰ খাদ্যশস্য একেলগে পাব উপভোক্তাই

ডিজিটেল ডেস্ক, ২৩ মার্চ : দেশৰ কোটি কোটি ৰেচন কার্ডধাৰীৰ বাবে বৃহৎ ঘোষণা কেন্দ্রীয় চৰকাৰৰ৷ চলিত বছৰৰ এপ্রিল মাহৰ পৰাই একেলগে তিনি মাহৰ খাদ্যশস্য বিতৰণৰ সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে৷ অৱশ্যে এই সিদ্ধান্ত বাস্তৱসন্মত নহয় বুলি আপত্তি দর্শাই কেন্দ্রীয় মন্ত্রীলৈ পত্র প্রেৰণ কৰিছে অল ইণ্ডিয়া ফেয়াৰ প্রাইচ শ্বপ ডীলার্ছ ফেডাৰেচনে৷ চৰকাৰে এই সন্দর্ভত দাবী কৰিছে যে এই সিদ্ধান্তৰ ফলত দেশৰ প্রায় ৮০ কোটিৰো অধিক উপভোক্তাই পোনপটীয়াকৈ উপকৃত হ’ব৷

কেন্দ্রৰ তৰফৰ পৰা জনোৱা হৈছে যে নেচনেল ফুড ছিকিউৰিটী এক্টৰ আওতাত থকা উপভোক্তাসকলক এপ্রিল মাহতে এপ্রিল, মে’ আৰু জুন- এই তিনি মাহৰ ৰেচন একেলগে দিয়া হ’ব৷ আগৰ দৰেই প্রতিগৰাকী উপভোক্তাই জনমূৰি ৫ কেজিকৈ চাউল বা গম পাব৷ নতুন ফচল সংগ্রহৰ পূর্বে গুদামত থকা খাদ্যশস্যৰ দ্রুত বিতৰণৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ইয়াৰ ফলত ৰেচনৰ দোকানত ভিৰ কমিব আৰু উপভোক্তাসকলে একেবাৰতে তিনি মাহৰ খাদ্যশস্য সংগ্রহ কৰিব পাৰিব৷ বিশেষকৈ গ্রাম্য আৰু নিম্ন আয়ৰ মানুহৰ বাবে ই এক বৃহৎ স্বস্তি হ’ব বুলিও দাবী কৰিছে কেন্দ্রীয় চৰকাৰে৷

ইফালে, ৰেচন ডীলাৰসকলৰ সংগঠনৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক বিশ্বম্ভৰ বসুৱে কেন্দ্রীয় উপভোক্তা বিষয়ক, খাদ্য আৰু অসামৰিক বিতৰণ মন্ত্রী প্রহ্লাদ যোশীৰ ওচৰলৈ এখন পত্র প্রেৰণ কৰি তেওঁলোকৰ আপত্তিৰ কথা জনাইছে৷ পত্রখনত কোৱা হৈছে যে এপ্রিল ২০২৬ৰ পৰা একেলগে তিনি মাহৰ খাদ্যশস্য বিতৰণৰ সিদ্ধান্ত বাস্তৱসন্মত নহয়৷ ফেয়াৰ প্রাইচ শ্বপসমূহত তিনি মাহৰ ৰেচন মজুত ৰাখিব পৰাকৈ পর্যাপ্ত ঠাই নাই বুলি দাবী কৰা হৈছে৷ ইয়াৰ ফলত খাদ্যশস্য নষ্ট হোৱাৰ আশংকা আছে বুলিও সংগঠনটোৰ ফালৰ পৰা জনোৱা হৈছে৷ লগতে প্রাকৃতিক দুর্যোগৰ সময়ত একেলগে ৰেচন দিলে উপভোক্তাসকলৰ বাবেও খাদ্যশস্য সংৰক্ষণ কৰাটো কঠিন হ’ব বুলি মত প্রকাশ কৰা হৈছে৷

ফেডাৰেচনে দাবী কৰে যে পর্যাপ্ত প্রস্তুতি অবিহনে এই সিদ্ধান্ত লোৱা হৈছে৷ সেইবাবে কেন্দ্রৰ ওচৰত তিনি মাহৰ ৰেচন একেলগে দিয়াৰ সিদ্ধান্তটো পুনৰ বিবেচনা কৰাৰ বাবে আবেদন জনোৱা হৈছে৷ একেলগে ৰাজ্যৰ গুদাম ব্যৱহাৰ কৰি খাদ্যশস্য সংৰক্ষণ তথা অ’পেন মার্কেট চেল স্কিম পুনৰ প্রৱর্তন কৰাৰ প্রস্তাৱো দিয়া হৈছে৷

You might also like