গুৱাহাটীত ৫০০ খেলুৱৈৰ অংশগ্রহণেৰে আৰম্ভ সীমান্ত ক্রীড়া মহোৎসৱ
ডিজিটেল ডেস্ক, ২৩ মার্চ : গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা স্প’ৰ্টছ কমপ্লেক্সত সীমান্ত ক্রীড়া মহোৎসৱ–২০২৬ আড়ম্বৰপূর্ণ উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হয়৷ অসম, বাংলাদেশ আৰু ভূটান সীমান্তৰ ৯খন জিলাৰ পৰা প্রায় ৬,০০০ খেলুৱৈয়ে ভাগ লোৱা জিলাভিত্তিক যোগ্যতা নির্ণায়ক খেলৰ জৰিয়তে বাছনি কৰা প্রায় ৫০০ খেলুৱৈয়ে অংশগ্রহণ কৰা উক্ত ক্রীড়া সমাৰোহ তিনিদিনীয়া কার্যসূচীৰে উদযাপন কৰা হৈছে৷
অভ্যর্থনা সমিতিৰ সভাপতি, অৱসৰপ্রাপ্ত এয়াৰ ভাইচ মার্শ্বাল সঞ্জীৱ বৰদলৈয়ে সভাপতিত্ব কৰা উদ্বোধনী সভাখনত শিপ্রা দাসৰ নেতৃত্বত সংগঠনৰ ‘সৰহদ তুঝে প্রণাম’ শীর্ষক ধ্যেয় গীতৰ সমৱেত পৰিৱেশনেৰে আৰম্ভ হয়৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৰুণাচল প্রদেশৰ ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রী কেণ্টো জিনি৷
মুখ্য অতিথিৰ ভাষণত মন্ত্রীগৰাকীয়ে সীমা সুৰক্ষাৰ ক্ষেত্রত সীমান্তবাসী ৰাইজৰ অভাৱ–অভিযোগ তথা উঠি অহা প্রজন্মৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে আৰু সীমান্ত চেতনা মঞ্চৰ কার্য প্রণালীৰ শলাগ লয়৷ তেওঁ লগতে খেলুৱৈসকলক অনুপ্রেৰণামূলক বক্তব্যৰে উদ্বুদ্ধ কৰে৷ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অতিৰিক্ত মহাপ্রবন্ধক বীৰভদ্র বিশ্বকর্মা৷ সীমান্ত চেতনা মঞ্চ পূর্বোত্তৰৰ সভাপতি ড০ প্রতিমা নিয়োগীৰ লগতে মহোৎসৱৰ অভ্যর্থনা সমিতিৰ উপদেষ্টা অৱসৰপ্রাপ্ত আইপিএছ বিষয়া প্রদীপ কুমাৰ বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে৷
২৩ মার্চৰ দ্বিতীয় দিনা ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰকার্যবাহ দত্তাত্রেয়জী হোসাবালেই ‘আমি সীমান্তৰ জাগ্রত প্রহৰী’ শীর্ষক অনুষ্ঠানত খেলুৱৈসকলক উদ্দেশ্যি মার্গদর্শন কৰিব৷