নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত উদ্বোধন এশ বিছনাযুক্ত চিকিৎসালয়

জেংৰাইমুখত সহোদৰ ২০২০–২১ৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ  সহোদৰ এক সাধাৰণ অনুষ্ঠান নহয়৷ ৰাজ্যখনৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত থকা ভাতৃত্ববোধ আৰু সমন্বয়ৰ ভাবধাৰা উজ্জ্বল ৰূপত প্রকাশিত হোৱা এক অনুষ্ঠান৷ সহোদৰৰ শক্তি বৃদ্ধি হ’লে অসমৰ শক্তি বৃদ্ধি হ’ব৷ ২০১৬ চনত শাসনভাৰ হাতত লৈয়ে বর্তমানৰ ৰাজ্য চৰকাৰখনে যি সহোদৰ অনুষ্ঠানৰ আয়োজন কৰিছিল, তাৰ ফলপ্রসূতা আজি প্রতিপন্ন হৈছে৷ বিগত চাৰে চাৰি বছৰত অসমৰ কোনো জাতি–জনগোষ্ঠীৰ মাজত সংঘাত নোহোৱাটোৱে ইয়াকে প্রতিপন্ন কৰিছে৷ নৱপ্রজন্মই এই ভাবধাৰাক আৰু অধিক আগুৱাই লৈ যাব লাগিব, যাতে আমাৰ মাজত থকা সমন্বয়, মিলা–প্রীতি আৰু ভাতৃত্ববোধৰ এনাজৰী শক্তিশালী কৰি ৰাখি অসমক বিশ্বৰ বুকুতে এখন আদর্শ ৰাজ্য হিচাপে আমি শক্তিশালী ৰূপত আগুৱাই লৈ যাব পাৰোঁ৷’ –আজি ৰাজ্যিক পর্যায়ৰ ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত মাজুলীৰ জেংৰাইমুখত ৰাজ্যখনৰ বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ ৩৯টা জনগোষ্ঠীৰ শিল্পীৰ সমাহাৰেৰে অনুষ্ঠিত ‘সহোদৰ ২০২০–২১’ অনুষ্ঠানৰ শুভাৰম্ভণি কৰি প্রদান কৰা ভাষণত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়৷

ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে ৰাজ্যখনত বিৰাজমান শান্তি, সদ্ভাৱনাৰ পৰিৱেশ সদায়ে অটুট ৰখাৰ বাবে বিভিন্ন জাতি–জনগোষ্ঠীৰ প্রতিনিধিসকলক আহ্বান জনায়৷ ২০১৬ চনত বর্তমানৰ ৰাজ্য চৰকাৰখনে শাসনভাৰ লোৱাৰ তিনি মাহ পাছতে ৰাজ্যখনৰ ৭০টাকৈ জাতি–জনগোষ্ঠীৰ সৈতে তেওঁলোকৰ মনৰ বুজ লোৱাৰ বাবে গুৱাহাটীত সহোদৰ অনুষ্ঠানৰ আয়োজন কৰিছিল বুলি উল্লেখ কৰি সহোদৰ অনুষ্ঠানৰ জৰিয়তে লাভ কৰা অভিজ্ঞতাৰে বর্তমানৰ চৰকাৰখনে সকলো জাতি–জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ তেওঁলোকৰ স্বাভিমান আৰু মর্যাদা বৃদ্ধিৰ বাবে নিষ্ঠা সহকাৰে প্রয়াস চলাই আহিছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ একেলগে থাকি মিলা–প্রীতিৰে কাম কৰিলে অসমে দেশৰ অন্যতম শ্রেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হ’ব পাৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে সমন্বয়, ভাতৃত্ববোধ আৰু আধ্যাত্মিকতাৰ যি আদর্শ প্রতিষ্ঠা কৰি গৈছে, সেই আদর্শ অনুকৰণ কৰি নৱপ্রজন্মক বিশ্বজয় কৰাৰ সপোন বাস্তৱায়িত কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে বলীউডৰ বিশিষ্ট অভিনেতা বিবেক অবেৰয়ক মাজুলীলৈ আহি এই অনুষ্ঠানত উপস্থিত থকা বিভিন্ন জাতি–জনগোষ্ঠীৰ শিল্পীসকলক অনুপ্রেৰণা যোগোৱাৰ বাবে বিশেষভাৱে ধন্যবাদ জনোৱাৰ উপৰি তেওঁ মাজুলীত লাচিত বৰফুকনৰ ওপৰত যি এখন ছবি নির্মাণৰ পৰিকল্পনা কৰিছে, সেই পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবেও আহ্বান জনায়৷

মুখ্যমন্ত্রীয়ে লগতে  উপস্থিত থকা শিল্পীদ্বয় দেৱজিৎ সাহা আৰু পদ্মশ্রী দুলাল মানকীৰ লগতে সত্রাধিকাৰসকলকো বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ অনুষ্ঠানত উপস্থিত থাকি কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীয়ে মাজুলীৰ নিচিনা কৃষ্টি–সংস্কৃতিৰ বৰপথাৰত সহোদৰ অনুষ্ঠানৰ আয়োজনৰ শলাগ লয়৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত মাজুলীত কল্পনা কৰিব নোৱাৰা ধৰণৰ উন্নয়ন সম্ভৱ হৈ উঠিছে বুলিও তেওঁ কয়৷ আজি আয়োজন কৰা সহোদৰে অসমবাসীক সমন্বয়ৰ বার্তা দিব বুলিও তেওঁ ভাষণ প্রসংগত উল্লেখ কৰে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি প্রদান কৰা ভাষণত বিবেক অবেৰয়ে মাজুলীলৈ আহি তেওঁ অভিভূত হৈ পৰিছে বুলি কয়৷ বিভিন্ন জাতি–জনগোষ্ঠীৰ সমন্বয়ৰে ইমান ডাঙৰ এক বৃহৎ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই সৌভাগ্যৱান হিচাপে অনুভৱ কৰিছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি প্রায় ২ বছৰ আগতে তেওঁক মাজুলী ভ্রমণৰ বাবে আহ্বান জনাইছিল বুলি উল্লেখ কৰি মাজুলীৰ আতিথ্যই আজি তেওঁক বিৰল সন্তুষ্টি প্রদান কৰিছে বুলিও তেওঁ কয়৷ মাজুলীক শক্তিশালী ব্রহ্মপুত্রৰ হূৎপিণ্ড বুলি উল্লেখ কৰি মাজুলী কেৱল ভাৰতৰে নহয়, পৃথিৱীৰ এখন মনোমোহা আৰু প্রদূষণমুক্ত ঠাই বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক এগৰাকী অতি সৰল আৰু সৎ ব্যক্তি বুলি অভিহিত কৰি এইগৰাকী মুখ্যমন্ত্রীয়ে অহর্নিশে কেৱল অসমৰ উন্নয়নৰ বাবে মনে–প্রাণে চিন্তা কৰে বুলিও প্রখ্যাত অভিনেতাগৰাকীয়ে মন্তব্য কৰে৷

ভাষণ প্রসংগত তেওঁ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মাজুলীক কার্বন নিউড্রেল জিলা হিচাপে গঢ়ি তোলাৰ পদক্ষেপৰো শলাগ লয়৷ ভাষণ প্রসংগত তেওঁ লাচিত বৰফুকনৰ জীৱন আৰু বীৰত্বৰ গাঁথা সামৰি এখন চিনেমা কৰাৰ পৰিকল্পনাৰ বিষয়েও সদৰী কৰে৷ এই চিনেমাখনত ৭০ শতাংশ শিল্পী অসমৰ পৰাই লোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ ৰাজ্যিক পর্যায়ৰ ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত দেউৰী, ঠেঙাল কছাৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্যসকলৰ লগতে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য, বিশিষ্ট কণ্ঠশিল্পী দেৱজিৎ সাহা, বিশিষ্ট লোকশিল্পী তথা পদ্মশ্রী দুলাল মানকী, মাজুলীৰ বিভিন্ন সত্রৰ সত্রাধিকাৰ, জনগোষ্ঠীয় নেতা ইত্যাদিকে ধৰি বহুসংখ্যক গণ্য–মান্যব্যক্তি উপস্থিত থাকে৷
১০০খন বিছনাযুক্ত মাজুলী জিলা চিকিৎসালয়ৰ শুভ উদ্বোধন
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মাজুলীৰ ফুলনিত পঞ্জাব নেচনেল বেংকৰ এটা নতুন শাখা আৰু এটা এ টি এম কেন্দ্র আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ উপৰি ৰাজ্য চৰকাৰৰ ২০২০–২১ বর্ষৰ অনির্ধৰিত পুঁজিৰ ১০ লাখ টকা ব্যয়েৰে মাজুলীৰ সন্মিলিত সমাজৰ উদ্যোগত নির্মাণ হ’বলগীয়া ভূপেন্দ্র ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ মুখ্যমন্ত্রীয়ে লগতে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ ২০.০০১৪ কোটি টকা ব্যয়েৰে নির্মাণ হ’বলগীয়া অনুসূচিত জাতি বহুমুখী প্রকল্পৰো আধাৰশিলা স্থাপন কৰে৷ এই অনুষ্ঠানতে পঞ্জাব নেচনেল বেংকৰ চি এছ আৰ কার্যসূচীৰ অধীনত মাজুলীৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকালয়লৈ আগবঢ়োৱা এখন এম্বুলেঞ্চ মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাৱে প্রদান কৰাৰ উপৰি মাজুলী হাস্পতাললৈ প্রদান কৰা ১০খন বিছনা, ১০খন হুইল চেয়াৰ ইত্যাদি সামগ্রী মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাৱে প্রদান কৰে৷ তদুপৰি এই অনুষ্ঠানতে পঞ্জাব নেচনেল বেংকৰ ফালৰ পৰা আত্মসহায়ক গোটলৈ প্রদান কৰা ঋণৰ অনুমোদন–পত্র মুখ্যমন্ত্রীয়ে আত্মসহায়ক গোটসমূহক আনুষ্ঠানিকভাৱে প্রদান কৰে৷ আজিৰ অনুষ্ঠানত পঞ্জাব নেচনেল বেংকৰ লাডলী আঁচনিৰ অধীনত ২০গৰাকী মেধাৱী ছাত্রীলৈ পঢ়া–শুনাৰ খৰচ বহন কৰাকৈ আর্থিক অনুদানো প্রদান কৰা হয়৷ এই উপলক্ষে ফুলনি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে আজিৰ দিনটোক মাজুলীবাসীৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ দিন বুলি উল্লেখ কৰে৷

আজিৰ দিনটোতে দুর্যোগ ব্যৱস্থাপনাত সহায়ক হোৱাকৈ ৭খন নাও আৰু পশু চিকিৎসাৰ বোট ক্লিনিক আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ উপৰি মাজুলী জিলাৰ স্বাস্থ্যখণ্ডক আৰু অধিক আগবঢ়াই নিয়াৰ বাবে মাজুলী জিলা হাস্পতালখনো মুকলি কৰা হৈছে৷ তদুপৰি পঞ্জাব নেচনেল বেংকৰ ফুলনি চাৰিআলি শাখাটো এ টি এমসহ মুকলি কৰাৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ কৃষক, উদ্যোগী, ক্ষুদ্র ব্যৱসায়ী ইত্যাদিকে ধৰি সমগ্র জনসাধাৰণ বিশেষভাৱে লাভান্বিত হ’ব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রীয়ে আজি মাজুলীৰ কমলাবাৰী ঘাটত ১.০৫ কোটি টকা ব্যয় সাপেক্ষে জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ এখন দ্রুতবেগী নৌকা, এখন ভ্রাম্যমাণ নৌকা পশু চিকিৎসালয় আৰু ৫খন পাম্পযুক্ত ৰাবাৰ নৌকাৰ সেৱা ফ্লেগ অফ কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ মুখ্যমন্ত্রীয়ে লগতে গডমূৰত নৱনির্মিত ১০০খন বিছনাযুক্ত শ্রীশ্রীপীতাম্বৰ দেৱগোস্বামী মাজুলী জিলা হাস্পতালখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাইজৰ সেৱাত উৎসর্গিত কৰে৷ নৱনির্মিত জিলা হাস্পতালখন উদ্বোধনৰ পাছত তাত উপস্থিত থকা সাংবাদিক তথা ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্রীয়ে কয় যে ১০০খন বিছনাযুক্ত মাজুলী জিলা হাস্পতালখন আজি উদ্বোধন কৰাটো মাজুলীবাসীৰ বাবে এক অন্যতম সফলতা৷ ৰাজ্য চৰকাৰে মাজুলীবাসীক সকলো ধৰণৰ আধুনিক সা–সুবিধা তথা মর্যাদা প্রদানৰ বাবে নিষ্ঠা সহকাৰে প্রয়াসত অৱতীর্ণ হৈছে বুলি উল্লেখ কৰি আজি উদ্বোধন কৰা জিলা হাস্পতালখনে মাজুলীবাসীৰ চিকিৎসাৰ ক্ষেত্রত থকা দীর্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ তদুপৰি আজি কমলবাৰী ঘাটত ৭খনকৈ বিভিন্ন শ্রেণীৰ নৌকা সেৱা মুকলি কৰাৰ জৰিয়তেও মাজুলীবাসীয়ে জৰুৰীকালীন সময়ত ইয়াৰ সেৱাসমূহ লাভ কৰি উপকৃত হ’ব পাৰিব বুলি মুখ্যমন্ত্রীয়ে কয়৷
তিনিচুকীয়া–মাজুলীত কেইবাটাও প্রকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্রীয়ে
‘অসমৰ সকলো জাতি–জনগোষ্ঠীক আন্তৰিকতাৰে আঁকোৱালি লৈ সম–উন্নয়ন আৰু সম–মর্যাদাৰে বিকাশৰ এক গতিশীল পৰিৱেশ নির্মাণ কৰা প্রথমখন চৰকাৰ হ’ল বিজেপি নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখন৷ বিভিন্ন জাতি–জনগোষ্ঠীৰ ভাষা, কৃষ্টি, সংস্কৃতি বিকশাই তোলাৰ দিশত ৰাজ্য চৰকাৰখনে দৃঢ়তাৰে কাম কৰি আহিছে৷ ঐতিহ্য সুৰক্ষাৰ ক্ষেত্রত বর্তমানৰ ৰাজ্য চৰকাৰে সন্মুখৰ পৰা নেতৃত্ব দিছে৷ বিজেপি চৰকাৰ যেতিয়ালৈ থাকিব, তেতিয়ালৈকে সকলো সুৰক্ষিত হৈ থাকিব৷’ –আজি তিনিচুকীয়া চহৰত ৭.৯৮ কোটি টকাৰে তিনিচুকীয়া উন্নয়ন প্রাধিকৰণে নির্মাণ কৰি উলিওৱা অত্যাধুনিক সাংস্কৃতিক কেন্দ্র, তিনিচুকীয়া চহৰত নির্মাণ কৰা ড্রাক আস্থান শুভ উদ্বোধন কৰাৰ লগতে জিলাখনৰ কচুজান খেলপথাৰত নির্মাণ হ’বলগীয়া পেভেলিয়ন আৰু মহাকালী চাহ বাগিচাত স্থাপন কৰিবলগীয়া ফুটবল একাডেমীৰ আধাৰশিলা স্থাপন কৰি এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে তিনিচুকীয়া চহৰখন সন্দর্ভত ভাৰতৰ জনসাধাৰণৰ শক্তিশালী ধাৰণা আছে৷ এইখন চহৰে অকল অসমৰে নহয়, উত্তৰ–পূর্বাঞ্চলৰ বাণিজ্যিক চহৰ হিচাপে পৰিচয় অটুট ৰাখিছে৷ তিনিচুকীয়া চহৰে ইংৰাজৰ শাসনৰ দিনৰে পৰা অসম তথা ভাৰতবর্ষৰ অর্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্রত উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে৷ বিভিন্ন ভাৰতীয় সম্প্রদায়ৰ লোকে বসবাস কৰা এইখন চহৰৰ ঐতিহ্য, গৰিমা সকলোৱে উপলব্ধি কৰা উচিত৷ ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শাসনভাৰ গ্রহণ কৰাৰ পাছতে ভাৰতবর্ষৰ এনেধৰণৰ চহৰসমূহক আধুনিক ধ্যান–ধাৰণাৰে নির্মাণৰ বাবে ৰাজ্য চৰকাৰে আহ্বান জনাইছিল৷

প্রথমখন বাজেটতে এই চহৰখনৰ সর্বাংগীণ উন্নয়ন সাধন কৰাৰ বাবে চি আই ডি এফৰ অধীনত ২০০ কোটি টকা ধার্য কৰা হৈছে৷ তিনিচুকীয়া চহৰ অত্যাধুনিক ৰূপত গঢ় লৈ উঠিছে৷ এইখন চহৰক ভাৰতবর্ষৰ বুুকুতে পৰিষ্কাৰ চহৰ হিচাপে ইয়াক গঢ় দিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ ২০১৬ চনত বিজেপি নেতৃত্বাধীন চৰকাৰখনে শাসনভাৰ লোৱাৰ পাছৰে পৰা প্রতিখন জিলাৰে সমবিকাশৰ বাবে কাম কৰি আহিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ নীতিৰ আধাৰত সকলোকে সমভাৱে আগুৱাই নিয়াৰ বাবে দৃঢ়তাৰে কাম কৰি আহিছে৷ সেইবাবে আজি প্রতিখন জিলা সমান্তৰালভাৱে আগুৱাই যাবলৈ সক্ষম হৈছে৷ বিজেপিয়ে বিশ্বাস কৰে সমবিকাশ, সম–উন্নয়ন, শান্তি আৰু প্রগতি৷ আমি কঠোৰ পৰিশ্রমেৰে অসমক আগুৱাই নিব লাগিব বুলি উল্লেখ কৰি আত্মনির্ভৰ অসম গঢ়াৰ যাত্রাত সকলোৱে অৰিহণা যোগাব লাগিব বুলিও তেওঁ কয়৷ বিজেপি নেতৃত্বাধীন চৰকাৰখন জনতাৰ চৰকাৰ বুলি উল্লেখ কৰি আত্মনির্ভৰ অসম নির্মাণৰ যাত্রাত তিনিচুকীয়াই অগ্রণী ভূমিকা পালন কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ আজিৰ এই সভাত শ্রম আৰু চাহ জনজাতি কল্যাণ বিভাগৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী সঞ্জয় কিষাণ, বিধায়কদ্বয় বিনোদ হাজৰিকা, সুৰেন ফুকন, তিনিচুকীয়া উন্নয়ন প্রাধিকৰণৰ সভাপতি কাজল গোহঁাই, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণ, এ পি ডি চি এলৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, উপায়ুক্ত দিগন্ত শইকীয়া প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like