নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুইপ’ৰ দুই অপহূতৰ ‘চৰম শাস্তি’ স্থগিত

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ দিল্লীস্থিত তৈল কোম্পানী কুইপ’ৰ অপহূত দুই বিষয়াৰ মুক্তিৰ বিষয়টোৱে ইতিবাচক দিশত গতি কৰিছে৷ আলফা (স্বাধীন)–এ অপহূত বিষয়াদ্বয়ৰ ক্ষেত্রত ঘোষণা কৰা চৰম সিদ্ধান্ত স্থগিত ৰাখিছে৷ আনহাতে, চৰম সিদ্ধান্ত মানে মৃত্যুদণ্ড নহয় বুলিও স্পষ্ট কৰি দিছে উগ্রপন্থী সংগঠনটোৱে৷ আজি গুৱাহাটীস্থিত সাংবাদিকৰ সৈতে হোৱা টেলিফোনিক বার্তালাপত আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই এই বিষয়টো স্পষ্ট কৰি দিয়ে৷ তেওঁ লগতে কয় যে কিছু কিছু ক্ষেত্রত তেওঁৰ বক্তব্যসমূহ ভুলভাৱে উপস্থাপন কৰা হৈছে৷ তেওঁৰ বক্তব্য অনুসৰি চৰম সিদ্ধান্ত মানে মৃত্যুদণ্ড নহয়৷ আনহাতে, আলফা (স্বাধীন)ৰ সেনাধ্যক্ষজনে কয় যে অপহূত বিষয়া দুজনৰ মুক্তিৰ বাবে ৰাজ্যৰ নাগৰিক সমাজ, বিভিন্ন দল–সংগঠন, সংবাদ মাধ্যম, টিভি চেনেল, বুদ্ধিজীৱী আদিয়ে জনোৱা আহ্বানৰ প্রতি আমি সন্মান জনাইছোঁ, তেওঁলোকৰ এনে আহ্বানে ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব বুলি আশা প্রকাশ কৰিছোঁ৷ এনে পৰিস্থিতিত আমি চৰম সিদ্ধান্তৰ বিষয়টো সম্প্রতি স্থগিত ৰাখিছোঁ৷ আগন্তুক সময়ত আলাপ–আলোচনাৰ জৰিয়তে এই সমগ্র বিষয়টো সমাধান হ’ব বুলি আমি আশাবাদী৷ উল্লেখ্য যে আজি সন্ধিয়া ৬.৩০ বজাত গুৱাহাটীস্থিত সাংবাদিকলৈ সেনাধ্যক্ষ পৰেশ বৰুৱাই ফোনযোগে নিজ বক্তব্য আগবঢ়াব বুলি প্রকাশ পোৱাৰ পাছতেই বিষয়টোক লৈ তীব্র উৎকণ্ঠা সৃষ্টি হৈছিল৷ ইয়াৰ পাছতে সেনাধ্যক্ষজনে ফোনযোগে চৰম সিদ্ধান্তৰ বিষয়টো স্থগিত ৰখা বুলি ঘোষণা কৰাৰ পাছত আৰু মানৱীয় দৃষ্টিকোণেৰে জনোৱা আহ্বানৰ প্রতি সঁহাৰি জনোৱাক লৈ সন্তুষ্টি ব্যক্ত কৰিছে বিভিন্ন শ্রেণীৰ নাগৰিকে৷ ইফালে পৰেশ বৰুৱাৰ এই বার্তালাপৰ ইতিবাচক দিশে উৎসাহৰ সৃষ্টি কৰিছে অপহূত বিষয়াদ্বয়ৰ পৰিয়ালৰ মাজত৷ শিৱসাগৰস্থিত অপহূত কুইপ’ৰ অভিযন্তা প্রণৱ কুমাৰ গগৈৰ বাসগৃহত টিভিযোগে এই আশাব্যঞ্জক খবৰ পোৱাৰ পাছত এনে সিদ্ধান্তৰ বাবে পৰেশ বৰুৱালৈ ধন্যবাদ জ্ঞাপন কৰে দুর্ভগীয়া পৰিয়ালটোৱে৷ অপহূত অভিযন্তাজনৰ মাতৃ, পত্নী, পুত্র আৰু কন্যাই সংবাদ মাধ্যমযোগে আলফা (স্বাধীন)ৰ শীর্ষ নেতাগৰাকীলৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে শিৱসাগৰৰ অভিযন্তাজন সোঁশৰীৰে নিজ গৃহত উপস্থিত হ’বহি বুলি আশা প্রকাশ কৰিছে৷ প্রণৱ কুমাৰ গগৈৰ পত্নী নমিতা গগৈৰ বক্তব্য– পৰেশ বৰুৱা ডাঙৰীয়াই ৰাইজ আৰু আমাৰ পৰিয়ালৰ আহ্বান শুনিছে৷ অতি সোনকালে মোৰ স্বামী সুস্থ শৰীৰে ঘৰলৈ উভতি আহিব বুলি আশা ৰাখিছোঁ৷ ইফালে অভিযন্তাজনৰ বৃদ্ধা মাতৃয়ে কয়– ‘আজি মোৰ মনটো অলপ ভাল লাগিছে, শান্তি পাইছোঁ৷ আশা ৰাখিছোঁ, সোঁশৰীৰে দুয়োজন লোকেই নিজ ঘৰলৈ উভতি আহিব৷’ পৰিয়ালৰ লগতে শিৱসাগৰবাসীয়েও একেদৰেই কৃতজ্ঞতা জনালে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আৰু দুয়োজন অপহূত বিষয়াই শীঘ্রেই মুক্তি লাভ কৰিব বুলি প্রতিজন নাগৰিকেই আশাবাদী৷ উল্লেখ্য যে ২৪ ঘণ্টা পূর্বে ঐতিহাসিক শিৱদ’লত চাকি–বন্তি জ্বলাই শিৱসাগৰৰ ৰাইজে দুয়োজন অপহূত বিষয়াৰ মুক্তিৰ বাবে প্রার্থনা জনাইছিল৷ ইয়াৰ পাছত পৰেশ বৰুৱাৰ আজিৰ ঘোষণাই সমগ্র অপহৰণ কাণ্ডটোৰ ক্ষেত্রত এক ইতিবাচক বতৰা কঢ়িয়াই আনিছে৷
১৫ সাহিত্যিক–অধ্যাপক– আলফাক আহ্বান
কুইপ’ নামৰ ব্যক্তিগত তৈল প্রতিষ্ঠানটোৰ অপহূত দুই কর্মচাৰী প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক শীঘ্রে মুক্তি দিবলৈ আলফা (স্বাধীন)ক আহ্বান জনাইছে ৰাজ্যখনৰ পোন্ধৰগৰাকী বিশিষ্ট ব্যক্তিয়ে৷ অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কনকসেন ডেকা, অধ্যাপক জ্ঞানেন্দ্র বর্মন, সাহিত্যিক গোবিন্দ প্রসাদ শর্মা, অধ্যাপক ড০ ক্ষীৰোদ ফুকন, ড০ চিত্রলেখা ফুকন আদি স্বাক্ষৰিত এখন পত্রযোগে আলফা (স্বাধীন)ক এই আহ্বান জনায়৷ পত্রখনত কোৱা হয়– শেহতীয়াকৈ আলফা (স্বাধীন) আৰু এন এছ চি এন (কে)–ই অপহৰণ কৰি নিয়া ‘কুইপ’ নামৰ ব্যক্তিগত তৈল প্রতিষ্ঠানত কর্মৰত দুজন কর্মচাৰী প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক চৰম শাস্তি দিয়া হ’ব বুলি ঘোষণা কৰিছে৷ ধেমাজি কাণ্ডৰ দৰে ঘটনা সংঘটিত কৰি ইতিমধ্যে সংগঠনটোৱে অসমবাসীক বিশ্বৰ আগত বহুবাৰ লজ্জানত কৰিছে৷ এতিয়া জীৱিকাৰ তাড়নাত এটা ব্যক্তিগত প্রতিষ্ঠানত কাম কৰি থকা দুগৰাকী ভাৰতীয় নাগৰিকক পণবন্দী কৰি আৰু মুক্তিপণ অনাদায়ে হত্যাৰ ভাবুকি দি পুনৰ এবাৰ সমগ্র অসমবাসীক দেশ আৰু বিশ্ববাসীৰ সন্মুখত শিৰনত কৰাৰ অভিসন্ধি কৰিছে৷ আমি নিম্ন স্বাক্ষৰকাৰীসকলে আলফা (স্বাধীন)ক দুর্ভগীয়া পৰিয়াল দুটাৰ মুখলৈ চাই প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক শীঘ্রে মুক্তি দিবলৈ দাবী জনোৱাৰ লগতে কেন্দ্র আৰু ৰাজ্য চৰকাৰকো অপহূত ব্যক্তি দুগৰাকীৰ সুৰক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ৷ সচেতন নাগৰিক মঞ্চ, অসমৰ উদ্যোগত স্বাক্ষৰ গ্রহণ কৰা তথা মঞ্চৰ সম্পাদক অতুল বর্মনৰ দ্বাৰা প্রচাৰিত পত্রখনত বাকী স্বাক্ষৰকাৰীসকল হ’ল– ভৱানীপ্রসাদ অধিকাৰী, বুদ্ধিজীৱী দয়ানন্দ পাঠক, সাহিত্যিক চন্দন ভট্টাচার্য, সভাপতি, সচেতন নাগৰিক মঞ্চ প্রাণজিৎ সিংহ লহকৰ, অধিবক্তা অৰুণ গোস্বামী, সাহিত্যিক বংকিম শর্মা, অধিবক্তা কুমুদ কোঁৱৰ, অধিবক্তা ড০ জয়কান্ত শর্মা, বুদ্ধিজীৱী লেখক গোপাল জালান আৰু নীলিমা ভাগৱতী৷
কেন্দ্রীয় গৃহমন্ত্রীৰ তাৎক্ষণিক হস্তক্ষেপ দাবী সাংসদ গৌৰৱ গগৈৰ
কুইপ’ৰ দুই অপহূত কর্মচাৰী শিৱসাগৰৰ প্রণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক সুকলমে উদ্ধাৰ কৰিবলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে৷ সাংসদ গগৈয়ে আজি এখন পত্রযোগে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক অপহূত দুয়োগৰাকী লোকক সুকলমে উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়৷ উল্লেখ্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহত আলফা (স্বাধীন)–এ অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ হাইড্র’কার্বন খনন স্থানৰ পৰা দুয়োগৰাকী কর্মচাৰীক অপহৰণ কৰি নিয়ে আৰু মুক্তিপণ হিচাপে ২০ কোটি টকা দাবী কৰে৷ সেই মুক্তিপণ আদায় নাপালে কুইপ’ৰ দুয়োগৰাকী কর্মচাৰীৰ ক্ষেত্রত সংগঠনটোৱে চৰম পদক্ষেপ গ্রহণৰো হুংকাৰ দিছে৷ আলফা (স্বাধীন)ৰ অপহৰণ আৰু সেই সকীয়নি অসমৰ জনসাধাৰণে কঠোৰভাৱে সমালোচনা কৰাৰ লগতে অপহূত কর্মচাৰী দুজনৰ জীৱনলৈও অনিশ্চয়তা আহি পৰিছে৷ সেয়ে তেওঁ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক বিষয়টো গুৰুত্ব সহকাৰে লৈ লোক দুজনক নিৰাপদে উদ্ধাৰ কৰাটো নিশ্চিত কৰিবলৈ দাবী জনায়৷

You might also like