নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনলতাৰ স্বত্বাধিকাৰী, বিশিষ্ট প্রকাশক মাখন হাজৰিকাৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ ফেব্রুৱাৰীঃ অসমৰ আগশাৰীৰ গ্রন্থ প্রকাশক আৰু বিক্রেতা প্রতিষ্ঠান ‘বনলতা’ৰ স্বত্বাধিকাৰী মাখন হাজৰিকা (৭৪)ৰ কালি ডিব্রুগডৰ পূব মিলন নগৰৰ নিজা বাসভৱনত পৰলোক হয়৷

কিছুদিনৰে পৰা স্বাস্থ্যজনিত কাৰণত নিজ ঘৰতে চিকিৎসাধীন হৈ থকা মাখন হাজৰিকাই কালি নিশা দুগৰাকীমান সাহিত্যিকৰ স’তে আলাপ আলোচনা কৰি থাকোঁতেই হঠাৎ ধলি পৰে আৰু তেতিয়াই হাজৰিকাৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে৷

সুদীর্ঘকাল গ্রন্থ প্রকাশ আৰু বিক্রীৰ স’তে জড়িত প্রয়াত সর্বেশ্বৰ হাজৰিকা তথা ফুল হাজৰিকাৰ পুত্র মাখন হাজৰিকা ১৯৪৭ চনত মাজুলীত জন্ম গ্রহণ কৰি খুৰাক চন্দ্রকান্ত হাজৰিকাৰ স’তে ডিব্রুগডলৈ আহে আৰু ১৯৭২ চনত ডিব্রুগডত বনলতা নামেৰে এখন গ্রন্থৰ বিপণী চহৰৰ নতুন বজাৰত স্থাপন কৰে৷

তেতিয়াৰে পৰা ক্রমান্বয়ে সমগ্র অসমত নিজৰ ব্যৱসায় সম্প্রসাৰণ ঘটাবলৈ সক্ষম হৈছিল৷ মৃত্যুৰ সময়ত পত্নী ৰুলী হাজৰিকা, পুত্র প্রদ্যুৎ হাজৰিকা, বোৱাৰী বিদিশা হাজৰিকাকে ধৰি অনেক গুণমুগ্ধক এৰি থৈ যায়৷ তেওঁৰ মৃত্যুত সমগ্র ডিব্রুগডতে গভীৰ শোকৰ ছাঁ পৰিছে৷

ইপিনে, মাখন হাজৰিকাৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ আজি এক শোকবার্তাত মুখ্যমন্ত্রী সোণোৱালে কয় যে জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্রয়াত মাখন হাজৰিকাই আমাৰ বৌদ্ধিক জগতলৈ যি বৰঙণি আগবঢ়াই গ’ল, সেয়া ৰাজ্যখনৰ জনসাধাৰণে শ্রদ্ধাৰে স্মৰণ কৰিব৷

এইগৰাকী বিশিষ্ট প্রকাশকে বহু গ্রন্থ প্রকাশেৰে আমাৰ সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে৷ এইগৰাকী বিশিষ্ট প্রকাশকৰ বিয়োগ আমাৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে প্রয়াত মাখন হাজৰিকাৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

You might also like