নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণবজাৰত প্রকাশন পৰিষদৰ গ্রন্থ বিপণী মুকলি

নিয়মীয়া বাৰ্তা, ২১ ফেব্রুৱাৰীঃ গুৱাহাটী মহানগৰীৰ পাণবজাৰত অসম প্রকাশন পৰিষদৰ এখন গ্রন্থ বিপণী নতুনকৈ মুকলি কৰা হৈছে৷

অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এক বিজ্ঞপ্তিযোগে জনায় যে অসমৰ অগ্রণী গ্রন্থ প্রকাশন গোষ্ঠী ‘বনলতা প্রকাশন’ৰ সহযোগত গুৱাহাটীৰ পাণবজাৰত এই নতুন বিপণীখন আৰম্ভ কৰা হৈছে৷

অসম প্রকাশন পৰিষদে ইতিমধ্যে সমগ্র অসমৰে মুখ্য চহৰসমূহত এনেধৰণৰ গ্রন্থ বিপণী প্রতিষ্ঠা কৰাৰ পৰিকল্পনা লৈছিল৷ এই পৰিকল্পনাৰ অংশ হিচাপে ৰাজ্যৰ কেইবাঠাইতো গ্রন্থ বিপণী পৰিষদে সফলতাৰে পৰিচালনা কৰি আছে৷ এই বিপণীখনত প্রকাশন পৰিষদৰ উপৰি নেচনেল বুক ট্ৰাষ্ট  আৰু সাহিত্য অকাডেমিৰ গ্রন্থও উপলব্ধ হ’ব৷

You might also like