নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ জানুৱাৰীত সর্বাত্মক বন্ধৰ আহ্বান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ সমাগত গণৰাজ্য দিৱস বর্জন কৰিবলৈ অসম-নাগালেণ্ডৰ জনসাধাৰণক আহ্বান জনাইছে এনএছচিএন/জিপিআৰএন আৰু আলফা (স্বাধীন)-এ৷ সংবাদ মাধ্যমলৈ আলফা (স্বাধীন)ৰ প্রচাৰ বিভাগৰ সদস্য ৰুমেল অসমে প্রেৰণ কৰা এটা ই-মেইলত গণৰাজ্য দিৱসৰ দিনটোত অর্থাৎ ২৬ জানুৱাৰীত দুয়োটা সংগঠনে যৌথভাৱে ১৮ ঘণ্টীয়া সর্বাত্মক বন্ধ ঘোষণা কৰিছে৷ অৱশ্যে এই বন্ধৰ কার্যসূচীৰ পৰা ৰেহাই দিয়া হৈছে জৰুৰীকালীন বিভাগ, সংবাদ মাধ্যম আৰু ধর্মীয় কাম-কাজক৷ ই-মেইলযোগে প্রেৰণ কৰা যৌথ বিবৃতিত এইদৰে কোৱা হৈছে– ‘এহ কথা সকলোৰে জ্ঞাত যে ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমক কৰা প্রতাৰণাৰ জালখন তথাকথিত স্বাধীনতাৰ পিছত দিল্লীয়ে আজিকোপতি অধিক আগ্রাসী আৰু শক্তিশালী ৰূপত গঢ়ি তুলিছে৷ ভাৰতৰাষ্ট্রই ৰাজনৈতিক অভিসন্ধিৰে থলগিৰি জাতিসমূহৰ স্বতন্ত্রতাৰ সুৰক্ষাৰ মৌলিক উপাদান ‘স্বাধীনতা’ খর্ব কৰি ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰাই সংবিধান কার্যকৰী কৰে৷ যাৰ অর্থ অসম-নাগালেণ্ড তথা পশ্চিমা দক্ষিণ-পূব এছিয়া অঞ্চলক আইন-শৃংখলাৰ অজুহাতত ৰাষ্ট্রসন্ত্রাস চলাই ভাৰতীয় হিচাপে বান্ধি ৰাখিব পাৰে৷ যাতে ভুৱা ‘গণৰাজ্য দিৱস’ পালনৰ জৰিয়তে দখলীকৃত ৰাষ্ট্রৰ সংবিধানক মান্যতা প্রদান কৰি গৌৰৱময় বুৰঞ্জীপ্রসিদ্ধ জাতি-জনগোষ্ঠীসমূহে চিৰকাল পৰাধীনতাৰ পৰা মুক্ত হ’ব নোৱাৰে৷ আমাৰ এই অঞ্চলত উমৈহতীয়া শত্রু ব্রিটিছৰ বিৰুদ্ধে যুঁজত যিমানসংখ্যক জনগণে প্রাণাহুতি দিছিল, তাতোকৈ বহুগুণে বেছি ভাৰতৰাষ্ট্রৰ দখলৰ পৰা মুক্ত হোৱাৰ নিমিত্তে অৱতাৰণা কৰা মুক্তি সংগ্রামত চৰম ত্যাগ কৰিব লগা হৈছে৷ বিগত তিয়াল্লিশ বছৰে অসমৰ পোন্ধৰ হাজাৰ পাহোৱাল যুৱক-যুৱতীৰ উপৰি ভাৰতৰাষ্ট্রৰ তথাকথিত স্বাধীনতা তথা ১৯৪৭ চনৰ পৰাই নাগালেণ্ড, মিজোৰাম, মণিপুৰ, ত্রিপুৰা, মেঘালয় আদি পশ্চিমা-দক্ষিণ-পূব অঞ্চলৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে আত্মবলিদান দি আহিছে৷ আনহাতে, ভাৰতৰাষ্ট্রই নিজ স্বার্থসিদ্ধিৰ বাবে প্রতিনিয়ত মুক্তিকামী জনগণক নানাপ্রকাৰে অত্যাচাৰ-নিপীড়ন অব্যাহত ৰাখিছে৷ এনে পৰিপ্রেক্ষিতত এহ অভিশপ্ত দিনটোৰ সৈতে অসম-নাগালেণ্ডকে ধৰি স্বতন্ত্র জাতিসত্তাসমূহৰ হৃত ‘স্বাধীনতা’ জড়িত আছে৷ গতিকে থলগিৰিৰ ন্যায্য ৰাজনৈতিক অধিকাৰ খর্ব কৰি কেৱল নির্বাচনী জয়লাভৰ দ্বাৰা প্রকৃত গণতন্ত্র প্রতিষ্ঠা হ’ব নোৱাৰে৷ এয়া গণতন্ত্রৰ ফটা ঢোল বজাই প্রকৃত ছবিখন লুকুৱাই ৰখাৰ কচৰৎ মাথোঁ৷ সেয়েহে প্রতিবছৰে ভাৰতৰ ভুৱা ‘গণৰাজ্য দিৱস’ পালনত আমি বিৰোধিতা কৰি আহিছোঁ৷ এইবাৰো অসম আৰু নাগালেণ্ডৰ সমূহ ৰাজনৈতিক, অৰাজনৈতিক, জাতীয় দল-সংগঠন তথা মুক্তিকামী জনগণক বৈৰী ৰাষ্ট্রযন্ত্রৰ সকলো নির্ধাৰিত কার্যসূচী বর্জনৰ বাবে আহ্বান জনাহছোঁ৷ তদুপৰি সকলো চৰকাৰী-বেচৰকাৰী কার্যালয়, ৰাজহুৱা স্থান আৰু ব্যক্তিগত পর্যায়তো প্রত্যাখ্যান কৰক৷ ভুৱা ‘গণৰাজ্য দিৱস’ বর্জনৰ আহ্বান আৰু আমাৰ প্রতিবাদী কার্যসূচীৰ অন্যতম হ’ব ২৬ জানুৱাৰীৰ ০:০০ বজাৰ পৰা ১৮:০০ বজালৈকে সর্বাত্মক বন্ধ৷ উল্লিখিত বন্ধৰ সময়ছোৱাত জৰুৰীকালীন বিভাগ, সংবাদ মাধ্যম আৰু ধর্মীয় কাম-কাজ অব্যাহত ৰখাত কোনো বাধা-নিষেধ নাথাকিব৷’

You might also like