নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পদপথতে আশ্রিতা ছিপাঝাৰৰ অকণ দেৱীৰ কথাৰে…

আপোনজনৰ পৰাও দূৰত্ব বঢ়ালে বিকাৰগ্রস্ততাই

নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ  সদাব্যস্ত ছিপাঝাৰ নগৰৰ কেন্দ্রস্থান ‘ছিপাঝাৰ বাছ আস্থান’ৰ জিৰণিচ’ৰা কিম্বা অর্ধনির্মিত ব্যৱসায়িক প্রতিষ্ঠানৰ গৃহ আদিয়েই এতিয়া মহিলাগৰাকীৰ আশ্রয়স্থলী৷ বার্ধক্যৰ ফালে গতি কৰা মহিলাগৰাকীয়ে ডেৰ মাহ–দুমাহমানৰ পৰাই এনেদৰে কটাবলৈ লৈছে যাযাবৰী জীৱন৷ কি খাইছে, ক’ত নৈশ যাপন কৰিছে, তাৰ হিচাপ নাই কাৰোৰে হাতত৷ মাতৃজ্ঞান কৰি কোনোবাই কিবা এটা দিলে কেতিয়াবা খাইছে আৰু কেতিয়াবা নুচুৱাকৈ পেলাই থয়৷ কথা সুধিলে মন ভাল হ’লে কিবাকিবি কৈ যাব আৰু মন নকৰিলে কাৰোৱে সাধ্য নাই মুখৰ মাতষাৰি উলিয়াবলৈ৷ অসংলগ্ণ কথা–বতৰাই মানুহগৰাকীৰ মানসিক অস্থিৰতা প্রমাণ কৰে যদিও মানুহগৰাকীৰ মতে তেওঁ হেনো বিচাৰি আছে কোনো বৃদ্ধাশ্রমৰ ঠিকনা৷ হয়, ছিপাঝাৰৰ অকণ দেৱী নামৰ মহিলাগৰাকীয়ে জীৱনৰ বাকীকেইটা দিন থাকিব খোজে বৃদ্ধাশ্রমত৷

উল্লেখ্য যে প্রতিনিয়ত আমন–জিমনকৈ জুপুকা মাৰি বহি থকা অকণ দেৱী নামৰ স্বামীহীনা মহিলাগৰাকীৰ আছে দুগৰাকীকৈ বিবাহিতা কন্যাও৷ ছিপাঝাৰ ৰাজহ চক্র এলেকাৰ ব্যাসপাৰাত এতিয়াও আছে এখন ঘৰ৷ কিন্তু কাৰোৱে সংগ এতিয়া ভাল নালাগে অকণ দেৱীৰ৷ আনকি কন্যা আৰু নিজৰ ঘৰখনৰ নামেই ল’ব নোখোজে অকণ দেৱীয়ে৷ মহিলাগৰাকীৰ মতে, মনসা পূজা এভাগি কৰাত গাঁৱৰ কিছু লোকে বাধা দিয়াৰ বাবেই তেওঁ হেনো ত্যাগ কৰিছে নিজৰ ঘৰখন৷ কাহানিও আৰু ঘূৰি নাযায় নিজৰ ঘৰখনলৈ৷ তেওঁক লাগে বৃদ্ধাশ্রমৰ ঠিকনা৷

লক্ষণীয় যে মহিলাগৰাকী সন্দর্ভত ‘নিয়মীয়া বার্তা’ৰ ফালৰ পৰা চলোৱা প্রাথমিক অনুসন্ধানত জানিব পৰা মতে, অকণ দেৱীৰ অতীত জীৱন আছিল কিছু বিশৃংখল ঘটনাৰে ভৰপূৰ৷ আনকি বিবাহিতা কন্যা দুগৰাকীয়ে চেষ্টা কৰিও হাৰ মানিব লগা হয় মাতৃৰ ওচৰত৷ ইফালে, দুই–তিনি মাহ পূর্বলৈ নিজা ঘৰত থকাৰ সময়তো মানুহগৰাকীৰ আচৰণ আছিল অস্বাভাৱিক৷ যাৰ কাৰণে নিকট পৰিয়াল তথা পৰিজনৰ বাবেও লাহে লাহে যেন অপ্রাসংগিক হৈ পৰিছে মানুহগৰাকী৷ দেখাত বেমাৰ–আজাৰৰ একো চিন নাথাকিলেও মানুহগৰাকী যে মানসিক বিকাৰৰ চিকাৰ হৈ পৰিছে, সেইটো নিশ্চিত৷ যাৰ বাবে মানুহগৰাকীৰ বাবে এতিয়া প্রয়োজন উপযুক্ত মানসিক চিকিৎসাৰ৷ এইক্ষেত্রত মানসিক ৰোগীৰ বাবে কাম কৰি থকা স্বেচ্ছাসেৱী অনুষ্ঠানসমূহৰো তৎপৰতা পৰিলক্ষিত হোৱা নাই৷ এক অস্বাস্থ্যকৰ পৰিৱেশত এনেদৰে কিছুদিন থাকিলে যে মানুহগৰাকী শাৰীৰিকভাৱেও অসুস্থ হৈ পৰিব, সেয়া নিশ্চিত৷ তেনে ক্ষেত্রত কোনোবা স্বেচ্ছাসেৱী অনুষ্ঠান আগবাঢ়ি অহাটো যেন নিতান্তই প্রয়োজন হৈ পৰিছে৷ নিৰাশ্রয়াৰ বাবে স্থাপিত আশ্রয়গৃহ কর্তৃপক্ষক এইক্ষেত্রত আগবাঢ়ি আহি মহিলাগৰাকীক নতুন জীৱনদান দিয়াৰ বাবেও আহ্বান জনাইছে ছিপাঝাৰ বাছ আস্থানৰ কেইবাগৰাকীও ব্যৱসায়ীয়ে৷

You might also like