বিশেষ বাৰ্তা, ৩১ অক্টোবৰঃ তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান তিতাবৰৰ প্ৰাগজ্যোতিকাৰ সহযোগত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উৎকৰ্ষ সাধন, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈ উৎকৃষ্ট কৌশল, জীৱন – জীৱিকা আৰু কেৰিয়াৰ সম্পৰ্কীয় সজাগতাৰ বাবে ‘জ্ঞানান্বেষণ’ শীৰ্ষক সজাগতা সভা আজি মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত মৰিয়নি মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰা হয়। মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা অনন্ত বৰঠাকুৰে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য পাঠকে। মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ইস্মায়েল তাঁতীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰে মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোহাঁইবৰুৱাই। আছুৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য দ্বীপ দত্তই আছুৰ বক্তব্য প্ৰদান কৰাৰ অন্তত তিতাবৰৰ প্ৰাগজ্যোতিকা শিক্ষানুষ্ঠানৰ সঞ্চালক, বিশিষ্ট শিক্ষাবিদ অপূৰ্ব চন্দ্ৰ ডেকা আৰু প্ৰাগজ্যোতিকাৰ জন সম্পৰ্কৰক্ষী বিষয়া, প্ৰাক্তন ছাত্ৰ নেতা সমীৰ ৰঞ্জন শইকীয়াই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি কেৰিয়াৰ সম্পৰ্কীয় মনোগ্ৰাহী বক্তব্য প্ৰদান কৰে। মৰিয়নি নগৰৰ প্ৰায় আঠখন বিদ্যালয়ৰ লগতে মৰিয়নি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উপস্থিত থকা এই সভাখনত মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক প্ৰিতম কুমাৰ শইকীয়া, কৃতী শিক্ষক- জংঘল ব্লক উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নগেন গগৈৰ লগতে তিতাবৰ মহকুমা ছাত্ৰ সন্থা আৰু মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকল উপস্থিত থাকে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া