নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ১৪ দিন ধৰি নিৰুদ্দেশ বিবাহিত মহিলা

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ ঢকুৱাখনাত চাঞ্চল্যকৰ ঘটনা। বিগত ১৪ দিনে নিৰুদ্দেশ হৈ আছে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত হাৰ্হি চাপৰি গাঁৱৰ এগৰাকী বিবাহিত মহিলা। যোৱা ৩ জুনৰ পৰা ৰহস্যজনকভাৱে নিজ বাসগৃহৰ পৰা নিৰুদ্দেশ হোৱা বিবাহিতা মহিলাগৰাকীৰ নাম হৈছে মৌচুমী চেতিয়া বৰগোহাঁই ।২০ বছৰীয়া এটি পুত্ৰ সন্তানৰ মাতৃ মৌচুমীৰ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে মৌচুমী চেতিয়া বৰগোহাঁইৰ স্বামী ৰঞ্জিত বৰগোহাঁইৰ কিছু বছৰ আগতে মৃত্যু হয়। নিৰুদ্দিষ্ট মহিলাগৰাকীৰ পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰত বিচাৰ-খোচাৰ কৰিও কোনো সম্ভেদ নোপোৱাত এতিয়া হতাশাত ভুগিছে পৰিয়ালবৰ্গ। মহিলাগৰাকীৰ নিৰুদ্দেশ সম্পৰ্কে ঢকুৱাখনা থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে মহিলাগৰাকী সন্দৰ্ভত আৰক্ষীয়েও কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। মহিলাগৰাকীৰ সন্দৰ্ভত কোনো লোকে সম্ভেদ পালে পৰিয়ালৰ লোকে ৬০০১৪-৭০৮৫৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like