নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখাশিল্পী, পদ্মশ্ৰী ড৹ হেমচন্দ্ৰ গোস্বামীক ঢকুৱাখনা মহাবিদ্যালয়ত সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিল : গুৰুজনাৰ অতুলনীয় সৃষ্টি, প্ৰাকৃতিক পদ্ধতিৰে নিৰ্মিত মুখাশিল্পক নতুনত্ব আৰু বিশ্বমুখী কৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত মুখাশিল্পী ড৹ হেমচন্দ্ৰ গোস্বামীক মঙলবাৰে ঢকুৱাখনা মহাবদ্যালয়ত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিপুল সম্বর্ধনা জনোৱা হয়। ঢকুৱাখনা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ, অসমীয়া বিভাগ, প্ৰতিষ্ঠান উদ্ভাৱনী কোষ আৰু উদ্যমিতা বিকাশ কোষৰ উদ্যোগত মহাবিদ্যালয়ৰ স্থায়ী প্রেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাৰ আদৰণি ভাষণ ৰাখে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° যোগানন্দ সূতে।আদৰণি ভাষণত ড° সূতে অসমীয়া সমাজ-সংস্কৃতিত মুখাশিল্পই এক প্ৰাচীন লোককলা হিচাবে স্থান অধিকাৰ কৰি আহিছে বুলি উল্লেখ কৰি কৰি তেওঁ কয় যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আৰম্ভ কৰা মুখাশিল্পক চামগুৰি সত্ৰ আৰু হেমচন্দ্ৰ গোস্বামীদেৱে যিধৰণেৰে বিশ্ব মানসত প্ৰতিষ্ঠা কৰিছে, সেয়া আদৰণীয়। হেমচন্দ্ৰ গোস্বামীয়ে মহাপুৰুষ শংকৰদেৱ আধ্যাত্মিক দৰ্শনৰ অন্তগত ভাওনাৰ ব্যৱহৃত অতিমানৱ চৰিত্ৰ আৰু জীৱ জন্তু চৰাই আদিৰ মুখাৰ নিৰ্মান কৰাই নহয় মুখাক প্ৰগতিশীল ধাৰাৰে আগবহাই নি বিশ্বমুখী কৰাৰ লগতে অবাক মুখাক সবাক কৰি তোলে।মহাবিদ্যালয়ৰ ছাত্ৰী ৰিকি সূতে মাধৱদেৱ বিৰচিত এভাগি বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ হোৱা সভাত ঢকুৱাখনা মহাবিদ্যাল‌য় পৰিয়ালে ড°হেমচন্দ্ৰ গোস্বামীক এখনি সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা, চেলেং চাদৰ, শৰাই আৰু এটি গছ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত ড° গোস্বামীয়ে মুখাশিল্পৰ আৰম্ভণি, চামগুৰি সত্ৰই মুখাৰ প্ৰসাৰ-প্ৰচাৰৰ বাবে গ্ৰহণ কৰা পদক্ষেপ, এই শিল্পকলাৰ গুৰুত্ব, মুখা প্ৰস্তুতকৰণ শৈলী, বাণিজ্যিক প্ৰয়োজন, বিশ্ব দৰবাৰত মুখাই লাভ কৰা স্থান ইত্যাদি বিভিন্ন বিষয় সামৰি বক্তব্য প্ৰদান কৰে।গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত মহাবিদ্যালয়ৰ উপাধ্যক্ষ চিত্ৰ কুমাৰ কোচৰ লগতে গৰিষ্ঠ সংখ্যক অধ্যাপক-অধ্যাপিকা,ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। ইফালে মহাবিদ্যালয়খনৰ মুকলি অধ্যয়ন প্ৰাংগণ ‘লাইচিয়াম’ত কালিৰে পৰা অনুস্থিত হৈছে সাদিনীয়াকৈ মুখা শিল্পৰ এক কৰ্মশালাৰ। মুখাশিল্পী খগেন গোস্বামী, প্ৰণৱ বৰা আৰু মনোজ বৰাৰ তত্ত্বাবধানত ৩০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে মাটিৰে আৰু কাঠিৰে মুখা প্ৰস্তুতৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে। এই কৰ্মশালাই অনাগত দিনত মুখাশিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আহ্বায়ক সমিতিৰ হৈ অসমীয়া আৰু বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক মনোৰঞ্জন বৰদলৈ আৰু পাপৰি মালা ভূঞাই জানিবলৈ দিয়ে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like