নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ হৈ ব্যাপক প্ৰচাৰ ৰূপক শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ৪ এপ্ৰিল : নিৰ্বাচনলৈ আৰু ৪টা দিন বাকী থকাৰ সময়তে প্ৰতিটো ৰাজনৈতিক দলে অধিক তীব্রতৰ কৰি তুলিছে প্ৰচাৰ কাৰ্য। আজি চামগুৰি সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অনিল শইকীয়াই সমষ্টিটোত চলায় মাৰাথন প্ৰচাৰ। অনিল শইকীয়াই ৰূপহী, ভেলগুৰি কছাৰী গাঁও, ৰৌমাৰী ইটাপাৰ, ছাইদৰীয়া, ভেলগুৰি ডিফলু, লাওগাঁও, হেৰাপতি, ভকতগাঁও আৰু বৰভেটি আদি পঞ্চায়তত চলায় প্ৰচাৰ। চামগুৰিৰ বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ হৈ ৰূপহী ৰৌমাৰীত প্ৰচাৰ চলায় ৰূপক শৰ্মাই।

নিৰ্বাচনী সভাত উপস্থিত হৈ বিধায়ক ৰূপক শৰ্মাই সমবিকাশ আৰু সমমৰ্যাদাৰ কথা ৰাইজৰ আগত দাঙি দৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অবিৰাম গতিত চলি থকা অনিৰুদ্ধ উন্নয়ন যাত্ৰাৰ অংশীদাৰ হোৱা হেতুকে চামগুৰিৰ ৰাইজক এইবাৰ এনডিএৰ পক্ষত ভোট দিবলৈ ৰূপক শৰ্মাই আহ্বান জনায়।

চামগুৰিৰ বিজেপি দলৰ প্ৰাৰ্থী অনিল শইকীয়াই আজি বিভিন্ন পঞ্চায়তত প্ৰচাৰ কাৰ্য চলাই নিজৰ ভাষণত কয় য়ে চামগুৰিৰ ভোটাৰ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু বিজেপি দলৰ প্ৰতি উৎসাহজনক সঁহাৰিয়ে উন্নয়নমুখী চিন্তাধাৰাৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসক স্পষ্টকৈ প্ৰতিফলিত কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব আৰু প্ৰজ্ঞাময় মাৰ্গদৰ্শনৰ আলোকত চামগুৰি সমষ্টিক অসমৰ ভিতৰত এখন জাকতজিলিকা, উন্নয়নৰ দিশে আগবঢ়া আদৰ্শ সমষ্টি হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যত আমি অবিচল-সংকল্পবদ্ধ বুলি মত প্রকাশ কৰে অনিল শইকীয়াই।

আজি অনিল শইকীয়াই বিভিন্ন পঞ্চায়তত প্ৰচাৰ চলোৱা সময়ত বিভিন্ন পঞ্চায়তৰ পৰা পাঁচ শতাধিক কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। বিজেপি দলত যোগদান কৰাসকলক ৰূপক শৰ্মা আৰু অনিল শইকীয়াই বিজেপি দলৰ টুপী আৰু গামোচাৰে আদৰি লয়। উল্লেখ্য যে চামগুৰিত অনিল শইকীয়াৰ মাৰাথন প্ৰচাৰত শক্তিশালী হৈ পৰিছে বিজেপি দলৰ ভেটি।

You might also like