নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্ৰৰ নাছিকত হৃদয়বিদাৰক ঘটনা, অন্ধকাৰ কুঁৱাত সোমাল বিলাসী বাহন

ডিজিটেল ডেস্ক, ৪ এপ্ৰিল : মহাৰাষ্ট্ৰৰ নাছিক জিলাত এক হৃদয়বিদাৰক দুৰ্ঘটনাত এটা পৰিয়ালৰ ৬টা শিশুসহ মুঠ ৯জন লোকৰ মৃত্যু হৈছে। শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত ডিণ্ডোৰী চহৰৰ শিৱাজী নগৰ অঞ্চলত এই শোকাৱহ ঘটনা সংঘটিত হয়। এখন বিলাসী বাহন নিয়ন্ত্ৰণ হেৰুৱাই এটা কুঁৱাত সোমাই পৰাৰ ফলত একেটা পৰিয়ালৰে ৯জন লোকৰ থিতাতে মৃত্যু হয়। পৰিয়ালটি ইন্দোৰৰ বাসিন্দা আছিল।

প্ৰাপ্ত তথ্য অনুসৰি, নাছিকৰ ডিণ্ডোৰী চহৰৰ শিৱাজী নগৰ অঞ্চলৰ এটা বাংকুৱেট হলত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি এখন বাহনেৰে ঘৰলৈ ওভতাৰ পথত একেটা পৰিয়ালৰ ৯ সদস্য় ৰাওনা হোৱা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই ওচৰতে থকা এটা কুঁৱাত পৰি যায়। দ কুঁৱাটোত বাহনখন সোমাই পৰাত একেটা পৰিয়ালৰ ৬টি শিশুসহ মুঠ ৯জন লোকে কৰুণ মৃত্যুক আঁকোৱালি লয়।

ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ ক্ৰেনৰ সহায়ত কুঁৱাটোৰ পৰা বাহনখন আৰু মৃতদেহকেইটা উদ্ধাৰ কৰে। নিহতসকল সুনীল দাৰগুড়ে, তেওঁৰ পত্নী ৰেশ্মা, আশা অনিল দৰগুড়ে, ৰাখী, মাধুৰী, শ্ৰৱণী বুলি চিনাক্ত কৰা হৈছে।

You might also like