নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৯ জুলাইত উৰিয়ামঘাটত চলিব বিশাল উচ্ছেদ অভিযান

🔹 ৩ দিনত ১১ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য

🔹 সাজু বন–চিআৰপিএফ-আৰক্ষীৰ ৬০০জনীয়া দল

🔹  মিঞামুক্ত হ’ব ৰেংমা সংৰক্ষিত বনাঞ্চল

বিশেষ বার্তা, ২৭ জুলাই : গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত বহু দিন ধৰি চলি অহা অবৈধ দখলক লৈ এতিয়া চৰকাৰে কঠোৰ ভূমিকা গ্রহণ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উৰিয়ামঘাটৰ উচ্ছেদস্থলী পৰিদর্শন কৰাৰ পাছত বিধায়ক বিশ্বজিৎ ফুকনে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে অহা ২৯ জুলাইত আনুষ্ঠানিকভাৱে উচ্ছেদ অভিযান আৰম্ভ কৰা হ’ব৷

বিশ্বজিৎ ফুকনে নিজৰ ফেচবুক পেজত লিখে– ২৯ জুলাই, ২০২৫ সৰুপথাৰৰ বাবে এটা ঐতিহাসিক দিন হ’ব৷ ধন্যবাদ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক৷ এই মন্তব্যৰ পৰাই স্পষ্ট যে উৰিয়ামঘাটত ২৯ জুলাইত আৰম্ভ হ’ব উচ্ছেদ অভিযান৷ ইফালে, বন বিভাগে কালি অঞ্চলটোত মাইকযোগে উচ্ছেদিতসকলক ২৮ জুলাইৰ ভিতৰত স্থান এৰি যাবলৈ আহ্বান জনায়৷ ইতিমধ্যে জেচিবি, পকলেন আৰু উচ্ছেদত ব্যৱহূত আন আন সামগ্রী উৰিয়ামঘাটত সাজু কৰি ৰখাৰ উপৰি কেইবাশ বনকর্মী অভিযানৰ বাবে সাজু হৈ উঠিছে৷ আইন–শৃংখলা ৰক্ষা আৰু সম্ভাব্য প্রতিবাদ নিয়ন্ত্রণৰ বাবে অসম আৰক্ষী আৰু চিআৰপিএফৰ বিশাল বাহিনী অঞ্চলটোত মোতায়েন কৰা হৈছে৷ ইতিমধ্যে মকড্রিলো সম্পন্ন হৈছে বুলি এক বিশেষ সূত্রে জানিব পৰা গৈছে৷

উচ্ছেদৰ বাবে অহা আৰক্ষী আৰু চিআৰপিএফৰ লোকৰ বাবে বৃহৎ বৃহৎ শিবিৰ নির্মাণৰ কাম সম্পূর্ণ কৰিছে৷ মুখ্যমন্ত্রীৰ উচ্ছেদস্থলী ভ্রমণৰ পাছতে উচ্ছেদৰ বাবে চৰকাৰ, প্রশাসন আৰু বন বিভাগ অতি তৎপৰতাৰে সাজু হৈ উঠিছে৷ বন বিভাগৰ সূত্রৰ পৰা জানিব পৰা মতে, প্রথমে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ শুনাৰীবিলৰ পৰা আৰম্ভ হ’ব এহ বৃহৎ উচ্ছেদ অভিযান৷ ৩ দিনত প্রায় ছশ কর্মচাৰীয়ে ১১ হাজাৰ বিঘা মাটিত চলাব এই উচ্ছেদ অভিযান৷

ইফালে, চৰকাৰ-প্রশাসনে উচ্ছেদৰ বাবে এনে কঠোৰ স্থিতি গ্রহণ কৰাৰ পাছতো একাংশ লোকে এতিয়াও বেদখলস্থলী এৰি নোযোৱাত উৰিয়ামঘাটৰ উচ্ছেদ কোন দিশে যাব, সেয়া সময়েহে নিশ্চিত কৰিব৷

You might also like