নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসা সেৱা আৰম্ভ ধুবুৰীৰ কিছমত হাসদহ আদৰ্শ চিকিৎসালয়ত

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ নিৰ্মাণৰ প্ৰায় ৪ বছৰ পিছত কালি আনুষ্ঠানিক ভাৱে চিকিৎসা সেৱা আৰম্ভ হ’ল ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী কিছমত হাসদহ আদৰ্শ চিকিৎসালয়ত। সেই উপলক্ষে আয়োজিত এক বিশেষ অনুষ্ঠানত চিকিৎসালয়খনৰ চিকিৎসা সেৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ধুবুৰীৰ বিধায়ক নজৰুল ধুবুৰী, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডা৹ দেৱময় সান্ন্যালেকে ধৰি জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা৹ এচ এম ইমদাদ উল্লাহে। সেই উদ্বোধনী অনুষ্ঠানত ধুবুৰী প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গ, স্থানীয় মান্যগন্য ব্যক্তিকে ধৰি ধুবুৰীৰ প্ৰাক্তন বিধায়ক জাহান উদ্দিন প্ৰমূখ্যে স্থানীয় ৰাইজ উপস্থিত আছিল। উল্লেখ্য যে ২০১৮ চনতেই নিৰ্মাণ সম্পূৰ্ণ হোৱা এইখন আদৰ্শ চিকিৎসালয়ত ইমান দিনে চিকিৎসা সেৱা আৰম্ভ হোৱা নাছিল। অৱশেষত চিকিৎসা সেৱা আৰম্ভ হোৱা এই কিছমত হাসদহ আদৰ্শ চিকিৎসালয়খনে বৃহত্তৰ সেই অঞ্চলৰ ৰাইজৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। জানিব পৰামতে, বৰ্তমানে চিকিৎসালয়খনত কেৱল বহিঃ বিভাগৰ সেৱা আৰম্ভ হ’লেও অহা এসপ্তাহৰ ভিতৰত চিকিৎসালয়খনৰ প্ৰসূতি বিভাগৰ সাধাৰণ প্ৰসৱৰ (নৰ্মাল ডেলিভাৰী) কাম আৰম্ভ হ’ব আৰু স্বাস্থ্য বিভাগৰ চৰকাৰী নীতি–নিয়ম অনুসৰি থাকিবলগীয়া কৰ্মচাৰীসকল আহি পালে এই চিকিৎসালয়খনত সকলো ধৰণৰ স্বাস্থ্যসেৱাৰ সুবিধাসমূহ উপলব্ধ হ’ব।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like