নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ সংগ্ৰহালয়ত বিশেষ পতাকাঃ স্বৰাজোত্তৰ কালত কেতিয়াও উত্তোলন হোৱা নাই পতাকাখন

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ ধুবুৰীত আছে দেশৰ স্বাধীনোত্তৰ যুগৰ ইতিহাসৰ সৈতে জড়িত এখন বিশেষ পতাকা।ধুবুৰীৰ তদানীন্তন ডেপুটি কালেক্টৰৰ বাংলোৰ চৌহদত উত্তোলিত হোৱা ইংলণ্ডৰ সেই জাতীয় পতাকাখন বৰ্তমানে সংৰক্ষিত হৈ আছে ধুবুৰীৰ জিলা সংগ্ৰহালয়ত। ভাৰতে স্বাধীনতা লভা ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোৰ পৰা সেই বিশেষ ইউনিয়ন ফ্লেগখন উত্তোলিত হোৱা নাই কেতিয়াও আৰু এটা বিশেষ যুগৰ সাক্ষীৰূপে বৰ্তমানে পতাকাখন ৰখা আছে সেই সংগ্ৰহালয়টোত। ইয়াতে উল্লেখনীয় যে ব্ৰিটিচৰ যুগৰ ডেপুটি কালেক্টৰৰ বাংলোটোৱে ব্যৱহত হৈ আছে ধুবুৰীৰ জিলা উপায়ুক্তৰ চৰকাৰী আৱাস গৃহৰূপে। জানিব পৰা মতে, ধুবুৰী জিলাৰ প্ৰাক্তন উপায়ুক্ত হিমাংশু শেখৰ দাসে ধুবুৰীৰ চৰকাৰী আৱাসত থকা সেই পতাকাখন সংৰক্ষণৰ বাবে দিছিল স্থানীয় সেই  সংগ্ৰহালয়টোক।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like