নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনৰ বিনিময়ত মেট্রিকৰ নম্বৰঃ বহু জিলালৈ সম্প্রসাৰিত মার্কশ্বীটৰ জালিয়াতি

  • ডাটা এণ্ট্ৰি অপাৰেটৰৰ সহায়ত বৃদ্ধি কৰা হৈছে নম্বৰ
  • ৭ হাজাৰ টকা দৰমহা পোৱা প্রশান্ত দাস বিশাল সম্পত্তিৰ গৰাকী হোৱাক লৈ ৰহস্য
  • মাধৱ ডেকাক শাস্তিমূলক বদলি, অপূর্ব ঠাকুৰীয়া কামৰূপৰ নতুন বিদ্যালয়সমূহৰ পৰিদর্শক

নিয়মীয়া বাৰ্তা, ১৯ জুলাই:  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিকল্প মূল্যায়নক কেন্দ্র কৰি জিলাই জিলাই আৰম্ভ হৈছে ব্যাপক হাৰত মার্কশ্বীট জালিয়াতি৷ খোদ জিলা শিক্ষা বিষয়াৰ কার্যালয়তে আৰম্ভ হৈছে ধনৰ লেনদেন৷ এই সন্দর্ভত ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীৰ হাতত আহি পৰিছে বহু বিস্ফোৰক তথ্য৷ এই তথ্যৰ আধাৰতে কালি কামৰূপ আৰক্ষীয়ে জিলা শিক্ষা বিষয়াৰ কার্যালয়ৰ এজন কর্মচাৰীৰ লগতে ছয়গাঁৱৰ মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদক গ্রেপ্তাৰ কৰিছে৷ জেৰাৰ সময়ত দুয়োজন অভিযুক্তই প্রকাশ কৰিছে বহু বিস্ফোৰক তথ্য৷ একে সময়তে আৰক্ষীয়ে কামৰূপৰ বিদ্যালয়সমূহৰ পৰিদর্শক মাধৱ ডেকা, শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া ফুলপাহি নাথ, কার্যালয়টোৰ চতুর্থবর্গৰ কর্মচাৰী শিৱেশ্বৰ কলিতাক জেৰা অব্যাহত ৰাখিছে৷ ছয়গাঁৱত জেৰা চলিছে গৰৈমাৰী ছোৱালী হাইস্কুলৰ প্রধান শিক্ষক দোস্ত হবিবুৰ ৰহমানৰো৷ এনে প্রেক্ষাপটতে ৰাজ্যৰ আন বহু জিলাতো অনুৰূপ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য ৰাজহুৱা কৰিছে খোদ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

শেহতীয়া ঘটনাৱলীয়ে স্পষ্ট কৰি দিছে যে ৰাজ্যৰ লাখ লাখ শিক্ষার্থীৰ ভৱিষ্যতৰ লগত হেতালি খেলি একাংশ শিক্ষক আৰু শিক্ষা বিভাগৰ বিষয়া–কর্মচাৰীয়ে নম্বৰৰ মুকলি বজাৰ বহুৱাইছে৷ এই সন্দর্ভত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্র ৰায়ে আজি এখন সংবাদ মেল সম্বোধন কৰি কয় যে গোপন সূত্রৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কামৰূপ আৰক্ষীয়ে কালি এক অভিযান চলাইছিল৷ একে সময়তে চাৰি ঠাইত এই অভিযান চলিছিল৷ কামৰূপৰ শিক্ষা বিষয়াৰ কার্যালয়ত আৰক্ষীয়ে লাভ কৰা টেবুলেচন শ্বীটত বহু বিসংগতিৰ তথ্য লাভ কৰা গৈছে৷

তদুপৰি দুই লাখৰো অধিক নগদ টকাও জব্দ হৈছে৷ ঘটনা সংক্রান্তত এতিয়ালৈকে ছয়গাঁৱৰ মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদ আৰু কামৰূপ জিলা স্কুলসমূহৰ পৰিদর্শকৰ কার্যালয়ৰ কম্পিউটাৰ অপাৰেটৰ প্রশান্ত দাসক ভাৰতীয় দণ্ডবিধিৰ ১২০বি/৪৬৬/১৯৯ ধাৰাৰ অধীনত ৩২৯/২১ নং গোচৰ ৰুজু কৰি গ্রেপ্তাৰ কৰা হৈছে৷

আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে সদৰী কৰা মতে আন জিলাতো ছাত্র–ছাত্রীৰ নম্বৰক লৈ দুর্নীতি সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে৷ এই সন্দর্ভত সংশ্লিষ্ট জিলাৰ আৰক্ষী অধীক্ষকক অৱগত কৰোৱা হৈছে৷

উল্লেখ্য যে অধিক সোধা–পোছাৰ বাবে কামৰূপ জিলাৰ বিদ্যালয় পৰিদর্শক মাধৱ ডেকাকে ধৰি আন ৩জনক এতিয়াও আৰক্ষীয়ে নিজৰ জিম্মাতে ৰাখিছে৷ আমাৰ হাতত পৰা তথ্য অনুসৰি, কামৰূপ জিলা বিদ্যালয় পৰিদর্শকৰ কার্যালয়ৰ ডাটা এণ্ট্ৰি  অপাৰেটৰ প্রশান্ত দাসৰ জৰিয়তেই সমস্ত ধনৰ লেনদেন কৰা হৈছিল৷ তেওঁৰ কার্যালয়ৰ ড্রয়াৰৰ লগতে ঘৰৰ পৰাও উদ্ধাৰ হৈছে নগদ ২.৬০ লাখ টকা৷ এইগৰাকী প্রশান্ত দাসে জিলা পর্যায়ৰ সমিতিয়ে প্রস্তুত কৰা টেবুলেচন শ্বীটৰ নম্বৰ জালিয়াতি কৰি অধিক নম্বৰ কম্পিউটাৰত অন্তর্ভুক্ত কৰিছিল৷ ইয়াৰ বাবে সংশ্লিষ্ট বিদ্যালয়ৰ প্রধান শিক্ষকৰ পৰা সংগ্রহ কৰিছিল বুজন পৰিমাণৰ ধন৷

লক্ষণীয় কথাটো হ’ল মাহিলি মাত্র ৭ হাজাৰ টকা দৰমহা পোৱা প্রশান্ত দাস অতি কম সময়ৰ ভিতৰতে সীমাহীন সম্পত্তিৰ গৰাকী হৈ পৰিছে৷ শিক্ষা বিষয়াৰ কার্যালয়ৰ অস্থায়ী কর্মচাৰী হ’লেও প্রশান্ত দাস হাতদীঘল মানুহ৷ মার্কশ্বীটৰ জালিয়াতি তেওঁৰ পুৰণি পেছা৷ প্রশান্ত দাসৰ ঘৰ হ’ল ৰঙিয়াৰ বালিসত্রত৷ বৌৱেক বিষ্ণুপুৰ বালিসত্র গাঁও পঞ্চায়তৰ সভানেত্রী৷ তেওঁৰ স্বামী তথা প্রশান্তৰ ককায়েক জয়ন্ত মাধৱ দাসেও ভুৱা মার্কশ্বীটৰ গোচৰত পূর্বে ৰঙাঘৰৰ ভাত ঘাইছিল৷ তেওঁৰ লগত একেলগে জে’ললৈ গৈছিল প্রশান্ত দাস৷ সেই সময়ত আন গোচৰত জে’লত আছিল বড়ো উপাধিৰ এজন শিক্ষা বিষয়া৷ কাৰাগাৰত প্রথম বড়োৰ সৈতে চিনাকি হয় প্রশান্ত দাসৰ৷

পৰৱর্তী সময়ত জে’লৰ পৰা ওলোৱাৰ পাছত বড়োৰ ড্রাইভাৰ হিচাপে কাম কৰিবলৈ লয় ধৃত প্রশান্তই৷ পিছলৈ তেওঁ শিক্ষা বিষয়াৰ কার্যালয়ত ডাটা এণ্ট্ৰি অপাৰেটৰ হিচাপে নিযুক্ত হয়৷ তেতিয়াৰ পৰাই কার্যালয়টোৰ সকলো লেনদেন সম্পন্ন হৈছিল প্রশান্ত দাসৰ জৰিয়তে৷ এইবাৰ মেট্রিকৰ বিকল্প মূল্যায়নৰ সুযোগ লৈ তেওঁ নিজ কার্যালয়তে মুকলি বজাৰ বহুৱাই লয়৷ প্রশান্ত দাস আৰু উৎকোচেৰে নম্বৰৰ জালিয়াতি কৰা মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলীক গ্রেপ্তাৰৰ পাছত এই ভয়ংকৰ জালিয়াতি সন্দর্ভত বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷

You might also like