সীমান্ত চহৰ মানকাচৰত এতিয়া একাংশ অসাধু ব্যৱসায়ীৰ দৌৰাত্ম্যই চৰম সীমা অতিক্ৰম কৰিছে। চহৰখনৰ নিউ মাৰ্কেটৰ পৰা ‘লিটিল ষ্টাৰ ইংলিছ একাডেমী’ স্কুল সংলগ্ন গুৰুত্বপূৰ্ণ পথছোৱাৰ দুয়োকাষৰ ফুটপাথ সম্পূৰ্ণৰূপে বেদখলৰ কবলত পৰাৰ ফলত এতিয়া সাধাৰণ পথচাৰী আৰু স্কুলীয়া শিক্ষাৰ্থীৰ জীৱনলৈ চৰম বিপদ নামি আহিছে।
অভিযোগ অনুসৰি, একাংশ ব্যৱসায়ীয়ে ফুটপাথৰ ওপৰত নিজৰ দোকানৰ সামগ্ৰী এনেদৰে সজাই থৈছে যে সাধাৰণ মানুহে খোজ কাঢ়িবলৈ সামান্যতম ঠায়ো পোৱা নাই। যাৰ ফলত বাধ্য হৈ পথচাৰী আৰু কণ কণ শিক্ষাৰ্থীসকলে ব্যস্ত মূল পথছোৱাৰে চলাচল কৰিবলগীয়া হৈছে। যাৰ বাবে এই ব্যস্ত অঞ্চলটোত সঘনাই সৰু-বৰ দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছে।
আশ্চৰ্যজনক কথাটো হ’ল, চকুৰ সন্মুখতে এনেদৰে মুকলি বেদখল চলি থকাৰ পিছতো স্থানীয় প্ৰশাসন তথা ট্ৰেফিক আৰক্ষীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। প্ৰশাসনৰ এই নিষ্ক্ৰিয়তাক লৈ এতিয়া সচেতন মহল আৰু স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
স্থানীয় ৰাইজে জিলা প্ৰশাসনক অতিশীঘ্ৰে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ফুটপাথসমূহ বেদখলমুক্ত কৰিবলৈ দাবী জনাইছে।
নিয়মীয়া বাৰ্তা, মানকাচৰ, ১৭ জুলাই :