নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুমডুমা থানাৰ লকআপত অজগৰ, চাঞ্চল্য

তিনিচুকীয়া জিলাৰ ডুমডুমা থানাত এক ব্যতিক্ৰমী ঘটনাই সৃষ্টি কৰে চাঞ্চল্য। এইবাৰ লকআপত সোমাল কোনো অভিযুক্ত বা অপৰাধী নহয়, বৰঞ্চ এডাল বৃহৎ অজগৰ।

আৰক্ষী থানাৰ লকআপৰ ভিতৰত অজগৰডাল দেখা পোৱাৰ লগে লগে আৰক্ষী আৰু উপস্থিত লোকসকলৰ মাজত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

খবৰ পোৱাৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰকাৰী দলে সাৱধানতাৰে অভিযান চলাই অজগৰডাল উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে।

ঘটনাটোত কোনো লোকৰ ক্ষতি হোৱা নাই যদিও থানাৰ এই অস্বাভাৱিক ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্ক, ১৭ জুলাই

You might also like