মুক্তিলাভৰ পিছৰে পৰা ৰাজ্যজুৰি দর্শকৰ অভূতপূর্ব সঁহাৰি লাভ কৰা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ বেনাৰত নির্মিত ‘ককাদেউতা নাতি আৰু হাতী–২’ শীর্ষক ছবিখনৰ সফলতাৰ পাছত এইবাৰ দেশজুৰি মুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে৷
অসমৰ প্রতিটো ছবিগৃহৰ আটাইবোৰ দর্শনীত হাউছফুল হোৱাৰ পাছত আজি নতুন দিল্লী, নয়দা, গুড়গাঁও, বেংগালুৰুকে ধৰি দেশৰ ১০ স্থানৰ ছবিগৃহত মুক্তি দিয়া হ’ব৷ অসমত ৰাইজৰ অভূতপূর্ব সঁহাৰি লাভ কৰা ছবিখন আজি নতুন দিল্লী, নয়দা, গুড়গাঁও, বেংগালুৰু, নবী মুম্বাই, মালাড, পুনে, চেন্নাই, হায়দৰাবাদ আৰু কোচিত মুক্তি দিয়া হ’ব৷
জানিব পৰা মতে, নতুন দিল্লীত বসন্তকুঞ্জৰ পিভিআৰ প্রমাণাডে ছবিগৃহত নিশা ৮.৩০ বজাত প্রদর্শন কৰাৰ লগতে চিনে প’লিচ আৰু ডিএলএফ এভিনিউ চাকেট এছচি–৬ত ৭.২০ বজাত প্রদর্শন কৰা হ’ব৷
একেদৰে নয়দাৰ পিভিআৰ ল’জিক্সত সন্ধিয়া ৬.১৫ বজাত, গুড়গাঁৱৰ ছোহানা ৰোডৰ চিনে প’লিচ আইৰিয়া মলত নিশা ৮ বজাত, বেংগালুৰুৰ পিভিআৰ ভেগাচিটীত নিশা ৯.৩০ বজাত, পিভিআৰ মার্কেটচিটীত সন্ধিয়া ৭ বজাত, চিনে প’লিচ শান্তি নিকেতনত সন্ধিয়া ৭.১৫ বজাত, নবী মুম্বাইৰ চিনে প’লিচ আৰু নেক্সাছ চিউডত নিশা ৯.৫০ বজাত প্রদর্শন কৰা হ’ব৷
আনহাতে মালাডৰ ইনক্স, মেগাপ্লেক্স ইনৰবিত মলত সন্ধিয়া ৮.৩০ বজাত প্রদর্শন কৰাৰ লগতে পুনেৰ ইনক্স, মেগাপ্লেক্স ফ’নিক্স মলত সন্ধিয়া ৮.২৫ বজাত, চিনে প’লিচ আৰু নেক্সাছ ৱেষ্টেণ্ড মল আউণ্ডত সন্ধিয়া ৭.২০ বজাত, চেন্নাইৰ ইনক্স আৰু লিউকছ পিএমচি ভেলাচেৰীত বিয়লি ৩.৪০ বজাত, হায়দৰাবাদৰ পিভিআৰ হাইটেক মলত বিয়লি ৪.৪০ বজাত আৰু কোচিৰ পিভিআৰ লুলুকোচিত নিশা ১০.১০ বজাত প্রদর্শন কৰা হ’ব৷
উল্লেখ্য যে ৩ জুলাইত ৰাজ্যৰ হাজাৰ হাজাৰ দর্শকৰ মন অনুৰণিত কৰি ৰাজ্যৰ ৭৫টাৰো অধিক ছবিগৃহত শুভমুক্তি লাভ কৰা ‘ককাদেউতা নাতি আৰু হাতী–২’ শীর্ষক ছবিখনে মুক্তিৰ দিনাৰ পৰাই বিগত ১৩টা দিন ধৰি ৰাজ্যৰ হাজাৰ হাজাৰ দর্শকক আকর্ষিত কৰিছে৷
’৮০ৰ দশকৰ ‘ককাদেউতা নাতি আৰু হাতী’ বোলছবিৰ বৃকোদৰ নামৰ হাতীটোৰ জীপাল অনুভৱক সামৰি ৰাইজে মুক্তমনে ছবিখন উপভোগ কৰি আৱেগিক আৰু নষ্টালজিক হৈ পৰিছে৷ প্রতিটো প্রজন্মৰ দর্শকে আদৰি ল’ব পৰা ‘ককাদেউতা নাতি আৰু হাতী–২’ উপভোগ কৰি ৰাজ্যৰ চলচ্চিত্র অনুৰাগীসকলে ছবিখনৰ শ্বুটিং, অভিনয় আৰু একচন আদি ভাল হৈছে বুলি মন্তব্য কৰি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ প্রচেষ্টাক একমুখে প্রশংসা কৰিছে৷ পৰিয়ালৰ সৈতে চাব পৰা অসমীয়া বোলছবিসমূহৰ ভিতৰত এখন অন্যতম ছবি বুলি উক্ত ছবিখনক ৰাইজে প্রশংসা কৰিছে৷
’৮০ৰ দশকৰ ‘ককাদেউতা নাতি আৰু হাতী’ৰ বৃকোদৰৰ স্মৃতিক নতুন ৰূপত নতুন ছবিখনত তুলি ধৰা হৈছে৷ তাৎপর্যপূর্ণভাৱে পুৰণি ছবিখনত পৰিৱেশিত ‘এক দুই তিনি চাৰি’ শীর্ষক গীতটোত শিশুশিল্পীৰ চৰিত্রত ’৮০ৰ দশকত অভিনয় কৰিছিল বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
সুদীর্ঘ ৪৩ বছৰৰ পিছত নতুন কাৰিকৰী প্রযুক্তিৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শিশু চৰিত্রটিক নতুন বোলছবিখনত একেই ৰূপত তুলি ধৰা হৈছে৷ এই দৃশ্যাংশ প্রত্যক্ষ কৰি অধিকাংশ চলচ্চিত্রপ্রেমীয়ে নষ্টালজিক হৈ পৰিছে৷ অসমত ৰাইজৰ এনেধৰণৰ ইতিবাচক সঁহাৰিৰ পাছত ৰাষ্ট্রীয় পর্যায়তো ৰাইজৰ সমাদৰ লাভৰ বাবে অগ্রসৰ হৈছে ‘ককাদেউতা নাতি আৰু হাতী–২’৷
ডিজিটেল ডেস্ক, ১৭ জুলাই