নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ বর্ষৰ প্রশ্নকাকত–উত্তৰ বহীৰে হ’ব মেট্রিক পৰীক্ষা

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ ২০২১ বর্ষৰ মেট্রিক–হাইমাদ্রাছা পৰীক্ষাৰ বাবে ছেবাই প্রস্তুত কৰা প্রশ্নকাকত আৰু উত্তৰবহীৰেই চলিত বর্ষৰ মেট্রিক আৰু হাইমাদ্রাছা পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷ আজি ছেবাই এই সন্দর্ভত আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিছে৷ বিগত বর্ষত ছেবাই প্রশ্নকাকত আৰু উত্তৰবহীসমূহ প্রস্তুত কৰিছিল যদিও ক’ভিডৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাত সেয়া জমা হৈ আছিল৷ আগন্তুক মেট্রিক আৰু হাইমাদ্রাছাৰ পৰীক্ষাৰ পাঠ্যক্রম আৰু বিগত বর্ষৰ পৰীক্ষাৰ বাবে নির্ধাৰণ কৰা পাঠ্যক্রম একেই হোৱা বাবে ছেবাই এই সিদ্ধান্ত গ্রহণ কৰিছে৷ বিশেষকৈ প্রাকৃতিক সম্পদৰ অপব্যৱহাৰ ৰোধ কৰাৰ বাবেই ছেবাই এই সিদ্ধান্ত গ্রহণ কৰিছে বুলি আনুষ্ঠানিক জাননীত উল্লেখ কৰিছে৷

উল্লেখ্য যে বিগত বর্ষত মেট্রিক আৰু হাইমাদ্রাছা পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়তে ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ অৱনতি ঘটে৷ দৈনিক কেইবাহাজাৰো লোক ক’ভিডত আক্রান্ত হোৱাৰ পৰিপ্রেক্ষিতত আছুকে ধৰি কেইবাটাও ছাত্র সংগঠনৰ পৰামর্শৰ ভিত্তিত পৰীক্ষা অনুষ্ঠিত কৰাৰ বিপৰীতে নৱম আৰু দশম শ্রেণীৰ বিভিন্ন পৰীক্ষাৰ নম্বৰৰ ভিত্তিত বিকল্প মূল্যায়নেৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছিল৷ যাৰ বাবে বিগত বর্ষৰ পৰীক্ষাৰ বাবে প্রস্তুত কৰা প্রশ্নকাকত আৰু উত্তৰবহীসমূহ ৰৈ গৈছিল৷

You might also like