নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনতকৈ কি বেলেগ হিমাচলৰ মীনাক্ষী নেগী

বিশেষ বাৰ্তা, ৮ মাৰ্চঃ আন্তৰ্জাতিক নাৰী দিৱসৰ এই বিশেষ ক্ষণত এগৰাকী মহিলা সংবাদ শিৰোণামলৈ আহিছে। নাম মীনাক্ষী নেগী। সাধাৰণতে পেছাগত ড্ৰাইভাৰ হিচাপে আমি পুৰুষকে দেখা পাওঁ যদিও হিমাচল প্ৰদেশৰ এইগৰাকী মহিলাই সেই নিয়ম ভংগ কৰি বাহন চলাই পৰ্যটকক বিভিন্ন স্থানলৈ নিছে।

বহু সময়ত মহিলাই বাহন চলাবলৈ বাধ্য হয় পৰিয়াল চলোৱাৰ স্বাৰ্থত আন উপায় নাপায়। কিন্তু মীনাক্ষী নেগীয়ে জনাইছে যে ব্যৱসায়িক বাহনৰ চালক হ’ব বিচৰাটো তেওঁৰ পছন্দ। তেওঁ পাহাৰবোৰ ঘূৰি-ফুৰি ভাল পায়, সেয়েহে তেওঁ ড্ৰাইভাৰ হৈছে; আৰ্থিক দূৰ্বল অৱস্থাৰ বাবে নহয়। তেওঁৰ স্বামী এজন চৰকাৰী চাকৰিয়াল। তাৰ পাছতো এনে পেছা তেওঁ বাছি লৈছে নিজৰ পছন্দৰ বাবেই।

You might also like