নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্রিক পৰীক্ষা অনুষ্ঠিত কৰা সন্দর্ভত নতুন চৰকাৰে ল’ব সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ ক’ৰোনাই সৃষ্টি কৰা ভয়াৱহ পৰিৱেশৰ বাবে চি বি এছ ইৰ দশম শ্রেণীৰ পৰীক্ষা বাতিলৰ পাছত এইবাৰ অনিশ্চয়তাৰ সৃষ্টি কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত৷ অহা ১১ মে’ৰ পৰা অনুষ্ঠিত হ’ব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্রাছা পৰীক্ষাৰ উপৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ক্ষেত্রত দেখা দিয়া এনে অনিশ্চয়তাক লৈ চর্চা চলি থকাৰ সময়তে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– মেট্রিক অনুষ্ঠিত কৰা–নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিব নতুন চৰকাৰে৷

ছেবাক আমি অনুৰোধ কৰিছোঁ, অহা দহ দিনৰ ভিতৰত প্রধান শিক্ষক আৰু অভিভাৱকসকলৰ সৈতে আলোচনা কৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত এক সিদ্ধান্ত লওক৷ নতুন চৰকাৰ আহিলে যাতে এইক্ষেত্রত এক চূড়ান্ত সিদ্ধান্তত আহিব পাৰে৷

উল্লেখ্য যে চি বি এছ ইৰ দশম শ্রেণীৰ পৰীক্ষা বাতিলৰ দৰে মেট্রিক পৰীক্ষা বাতিল হ’ব নেকি, তাক লৈ ছাত্র–ছাত্রীসকলৰ লগতে অভিভাৱকসকলো যথেষ্ট উদ্বিগ্ণ হৈ আছে৷ সেয়েহে বিষয়টোৰ ক্ষেত্রত ৰাজ্য চৰকাৰ অথবা শিক্ষা বিভাগে কি সিদ্ধান্ত গ্রহণ কৰে, তাক জানিবলৈ সকলোৱে উৎসুকতাৰে বাট চাই আছে৷ এনে পৰিৱেশৰ মাজতে আজি শিক্ষামন্ত্রী ড০ শর্মাই স্পষ্ট কৰে যে নির্বাচনৰ আচৰণবিধি বলৱৎ হৈ থকা বাবেই বর্তমানৰ চৰকাৰে কোনো ডাঙৰ সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰে৷ যিহেতু ২ মে’ৰ পাছত ৰাজ্যত এখন নতুন চৰকাৰ গঠন হ’ব, সেয়েহে মেট্রিক পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত নতুন চৰকাৰে যাতে সিদ্ধান্ত ল’ব পাৰে, তাৰ বাবে ছেবাই অভিভাৱক আৰু প্রধান শিক্ষকসকলৰ সৈতে আলোচনা কৰি এক চূড়ান্ত মতত উপনীত হওক৷

মেট্রিকক লৈ এতিয়াও কিছুদিন বাকী আছে, গতিকে নতুন চৰকাৰে এইক্ষেত্রত ইতিবাচক বা নেতিবাচক সিদ্ধান্ত গ্রহণ কৰিব পাৰিব৷ তেওঁ ইয়াকো স্পষ্ট কৰে যে আন আন শ্রেণীৰ পৰীক্ষাৰ ক্ষেত্রত চৰকাৰে কোনো নির্দেশনা জাৰি কৰা নাই৷ কেৱল ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষাৰ ক্ষেত্রত অভিভাৱক আৰু শিক্ষকৰ সৈতে আলোচনা কৰি সিদ্ধান্ত ল’বলৈ আমি পৰামর্শ দিছোঁ৷

You might also like