মাইগ্রেইন : মহিলাৰ এক প্রাচীন ৰোগ
ডাঃ অজয় কুমাৰ ভূঞা
ইতিহাসত লিপিবদ্ধ আটাইতকৈ প্রাচীন ৰোগসমূহৰ ভিতৰত অন্যতম এক ৰোগ হ’ল মাইগ্রেইন৷ মাইগ্রেইন শব্দটো আহিছে গ্রীক শব্দ ‘হেমিক্রেনিয়া’ৰ পৰা যাৰ অর্থ হ’ল মগজুৰ এফাল৷ হিপ’ক্রেটিছে খ্রীষ্টপূর্ব ৪০০ চনত লিখি গৈছে৷
এই ৰোগত ভোগা ৰোগীয়ে তীব্র মূৰ বিষ আৰম্ভ হোৱাৰ আগেয়ে চকামকা পোহৰ দেখা পায়৷’ ৰোমান চিকিৎসক এৰিটেয়াছে লিখি থৈ গৈছে ‘এই ৰোগত সাধাৰণতে মূৰৰ এটা ফালত প্রচণ্ড বিষ হয় আৰু লগতে বমি আৰু অন্যান্য লক্ষণ কিছুমান যেনে পোহৰ আৰু শব্দ সহ্য কৰিব নোৱাৰা হয়৷’
পৰিতাপৰ কথা এইটোৱে যে পুৰুষৰ তুলনাত মহিলাসকল বহু গুণে বেছি এই ৰোগত ভোগে৷ মহিলা–পুৰুষৰ মাইগ্রেইনত ভোগাৰ অনুপাত ৭৫ঃ২৫ প্রায় ২৪০০ বছৰ আগেয়ে উল্লেখ থকা এই ৰোগৰ আজিলৈ কিন্তু সম্পূর্ণ সমাধান ওলোৱা নাই অথচ নিউৰ’ছায়েঞ্চ কিমান আগবাঢ়িছে আমি সকলোৱে জানো৷ মোৰ সৰু মাহীজনীৰ মাইগ্রেইন আছিল৷ মাহী স্কুলৰ শিক্ষয়িত্রী আছিল৷
প্রায় এমাহ দুমাহৰ মূৰে মূৰে পুৱা উঠিয়েই মাহীয়ে খিৰিকীৰ পর্দাবোৰ বন্ধ কৰি দিয়ে৷ হাত দুখনেৰে মূৰৰ বাঁওফালে হেঁচি ধৰে৷ ওচৰত ম’বাইল ফোন বাজি থাকে৷ কিন্তু ফোন ধৰাৰ শক্তি নাথাকে৷ কেতিয়াবা এদিন বা দুদিন স্কুল যাব নোৱাৰে৷
এয়াই মাইগ্রেইন এটেক৷ভাৰতৰ প্রতি ৭গৰাকী মহিলাৰ এগৰাকী মাইগ্রেনত ভোগে৷ মাইগ্রেইন আচলতে সাধাৰণ মূৰৰ বিষ নহয়, ই হ’ল মগজুৰ বৈদ্যুতিক আৰু ৰাসায়নিক বিক্রিয়াৰ এক বিসংগতি৷ আচল কালপ্রিট হ’ল ড্রাইগেমিনেল নার্ভ Trigeminal Nerve)৷ এই নার্ভডালে আমাৰ মুখমণ্ডলৰ লগত মগজুৰ সম্পর্ক ৰক্ষা কৰে৷ মাইগ্রেইন এটাকৰ সময়ত এই নার্ভ ডালে প্রদাহৰ ফলত কেমিকেল নির্গত কৰে যাৰ ফলত ৰক্তনলী আদি ফুলি উঠে আৰু তীব্র বিষ আৰম্ভ হয়৷
সংবেদনশীল বা ছেনছৰি ছিষ্টেমৰ কার্য ব্যাহত হয় যাৰ ফলত পোহৰ বা শব্দ আদিৰ সহ্য কৰিব নোৱাৰা হয়৷ মহিলাৰ ক্ষেত্রত মাইগ্রেনৰ প্রাদুর্ভাৱৰ প্রধান কাৰণ আকৌ হৰম’নেই৷ কিশোৰী অৱস্থাৰ পৰাই এষ্ট্র’জেন হৰম’ন বাঢ়িব ধৰে আৰু মাইগ্রেইনৰ প্রাদুর্ভাৱো এই সময়ৰ পৰাই বেছি হ’ব ধৰে৷ মাহেকীয়া, গর্ভাৱস্থা, মেন’পজ আদি মহিলাৰ জীৱনৰ ভিন্ন ভিন্ন সময়ত এষ্ট্র’জেনৰ তাৰতম্য হৈ থাকে৷ তদুপৰি গর্ভনিৰোধক টেব্লেটবোৰেও মাইগ্রেইনৰ ওপৰত ক্রিয়া কৰে৷
মুম্বাইৰ নিউৰ’লজিষ্ট ডাঃ ৰস্না ডাভেই কয়ঃ ‘এষ্ট্র’জেনেSerotoninৰ কার্যকলাপ নিয়ন্ত্রণ কৰে আৰু এইserotoninয়েই হৈছে মাইগ্রেনৰ মূল কাৰণ৷ গতিকে এষ্ট্র’জেনৰ যেতিয়াই তাৰতম্য হয় তেতিয়াই serotoninৰো তাৰতম্য হয়৷’
মাইগ্রেইন এক অদৃশ্য ৰোগৰ দৰে, কোনো; ৰ নাথাকে, ক’তো একো দাগ নাথাকে বা শৰীৰত কোনো কিবা বিসংগতি দেখা পোৱা নাযায়৷
অথচ সৰু মাহীয়ে পুৱা ৩ বজাতে বমি কৰিছিল আৰু এতিয়া মূৰত প্রচণ্ড বিষ লৈ ক্লাছ কৰি থাকিবলগা হৈছে৷ এক সমীক্ষা মতে ভাৰতৰ ৬০ শতাংশ মহিলাই চিকিৎসকৰ ওচৰলৈ নাযায় আাৰু নীৰৱে এই যন্ত্রণা সহ্য কৰি থাকে৷ মাহীৰ স্কুলৰ ছাত্র–ছাত্রীবোৰে হাঁহি খিকিন্দালি কৰি থাকে আৰু মাহীয়ে ইয়াৰ পিছৰ এটাকটো কেতিয়া হ’ব পাৰে চিন্তা কৰি থাকে৷ এয়াই নির্মম সত্য৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৫০ বছৰ বয়সৰ তলৰ মহিলাৰ মাজত কঁকালৰ বিষৰ পিছতেই মাইগ্রেইনে হৈছে ২য় আটাইতকৈ প্রধান কাৰণ বাবে মহিলাসকলে কর্মক্ষেত্রৰ পৰা ছুটী ল’ব লগা হয়৷
ভাৰতবর্ষত বহু ক্ষেত্রত মাইগ্রেইন দুখ লগাকৈ বহু দেৰিকৈ নির্ণয় হয়৷ বহু সময়ত চাইনাছৰ বাবে বা ছার্ভাইকেল স্পণ্ডেলাইছিছ, মানসিক চাপ অথবা উৎকণ্ঠা আদিৰ বাবে হোৱা বুলিহে চিকিৎসা চলি থাকে৷ এক সমীক্ষা মতে ভাৰতত মাইগ্রেইন নির্ণয় কৰিবলৈ গড়ে ৫ বছৰ লাগে৷ নিউৰ’লজিষ্ট ডাঃ সুমিতা ৰাজৰ ভাষাত ‘ইয়াৰ বাবে চিকিৎসক, ৰোগী কোনো জগৰীয়া নহয় ,আমাৰ প্রচলিত শিক্ষা ব্যৱস্থাত চকুৰে দেখা ৰোগবোৰকহে বেছি গুৰুত্ব দিয়া হয়৷ মাইগ্রেইনৰ দৰে অদৃশ্য ৰোগবোৰে কম গুৰুত্ব পায়৷’
ভাৰতত বছৰি ১০ কোটি কর্ম দিন মাইগ্রেইনৰ বাবে প্রভাৱিত হয়৷ বহু মহিলাই বিশেষকৈ নাইটছিফট কৰাসকল অথবা দীঘলীয়া ভ্রমণ কৰিবলগীয়াসকল বা অধিক পোহৰত বেছি সময় কাম কৰিব লগা হোৱাসকলে চাকৰি এৰি দিবলৈ বাধ্য হৈ পৰে৷ কিন্তু মাইগ্রেইনত ভোগা গৃহিণীসকলে নীৰৱে নিজৰ কাম কৰি যাবলগা হয়৷
মাইগ্রেইনে যে অকল মহিলাগৰাকীকে কষ্ট দিয়ে এনে নহয়, ইয়াৰ ফলত গোটেই পৰিয়ালটোৱেই কষ্ট ভুগিবলগা হয়৷ ২০ বছৰ আগলৈকে পেইন কিলাৰ, কেফেইন আৰু অন্ধকাৰ কোঠা এয়াই আছিল মাইগ্রেইনৰ চিকিৎসা৷ কিন্তু আজিৰ দিনত মাইগ্রেইনৰ চিকিৎসা বহু উন্নত হৈছে৷Sumatriptan,Rizatript জাতীয় দৰববিলাকেSerotonin ৰিচেপ্তবিলাক ব্লক কৰি মাইগ্রেইন এটাক বন্ধ কৰে৷
আনহাতে আন কিছুমান দৰব যেনে BetaBlocker, Antedepressent ,Calcium channel Blocker আদিয়ে মাইগ্রেইন এটাক প্রতিৰোধ কৰে৷ নতুন যুগৰ দৰব যিয়ে মাইগ্রেইনৰ কেমিকেল পথ ব্লক কৰে৷Chronic Migraine বাবে এই বেজী অত্যন্ত ফলপ্রসূ হোৱাৰ সম্ভাৱনা দেখা গৈছে৷
দৰবৰ উপৰি পর্যাপ্ত টোপনি, পানী, সুষম খাদ্য যোগা, মেগনেছিয়াম আৰু ভিটামিন–বি১২ আদিও সমানে গুৰুত্বপূর্ণ৷ ভাৰতত মাইগ্রেইনৰ বিষয়ে সচেতনতাৰ অভাৱ৷ আমাৰ বেছিভাগ মানুহে মাইগ্রেইনৰ নামটোকে শুনা নাই৷ আমাৰ হেলথ প্রগ্রামবোৰত ঘাইকৈ সংক্রামক ৰোগসমূহৰ ওপৰতেহে গুৰুত্ব দিয়া হয়৷ জনগণক সহায় কৰিবলৈ বা সজাগ কৰিবলৈ আমাৰ দেশত নিউৰ’লজিষ্টৰ সংখ্যাও যথেষ্ট কম৷ ১৪০ কোটি মানুহৰ মাজত ২০০০জন মানহে নিউৰ’লজিষ্ট আছে৷