নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমৃতকন্ঠ জুবিন গাৰ্গৰ গীতৰ লহৰত উজলিল শুৱালকুছিৰ ৰাসস্থলী

বিশেষ বাৰ্তা, শুৱালকুছি, ১০ নৱেম্বৰ : জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই কালি নিশা শুৱালকুছিৰ ৰাসস্হলীত অমৃতকন্ঠ জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰি তোলে ৷ কালি নিশা প্ৰায় দহ বজাত শিল্পীগৰাকী মঞ্চত উঠাৰ লগে লগে জয় জুবিন দা ধ্বনিৰে উপস্থিত দৰ্শক-শ্ৰোতাই শুৱালকুছিৰ আকাশ-বতাহ মুখৰ কৰি তোলে ৷

মঞ্চত উঠাৰ সময়ত মৰ্মিতা মিত্ৰই সকলোৰে আদৰৰ শিল্পী জুবিন গাৰ্গৰ ফটো এখন হাতত লৈ মঞ্চত প্ৰৱেশ কৰে ৷ ইয়াৰ পিছতে উপস্থিত হাজাৰ হাজাৰ লোকক তেওঁ জুবিন গাৰ্গৰ ’মায়াবিনী’ গীতটি পৰিৱেশনত সহযোগ বিচাৰে ৷ মৰ্মিতাই প্ৰাণৰ শিল্পীগৰাকীৰ ফটো বুকুত সাবটি ’মায়াবিনী’ গীতটি আৰম্ভ কৰাৰ লগে লগে উপস্থিত সকলোৱে হাতে হাতে মোবাইলৰ লাইট জ্বলাই একেলগে ‘মায়াবিনী’ গীত পৰিৱেশন কৰি পৰিৱেশটো গাম্ভীৰ্যপূৰ্ণ কৰি তোলে ৷ সমগ্ৰ বালিচৰ জুবিনময় হৈ পৰে ৷ গীতৰ মাজতে শিল্পী মৰ্মিতা মিত্ৰই জয় জুবিন দা, জুবিন দা অমৰ হওক,  জাষ্টিচ ফৰ জুবিন গাৰ্গ আদি ধ্বনি দিয়ে ৷

গীতটিৰ অন্তত তেওঁ জুবিন গাৰ্গৰ ন্যায় বিচাৰি মা কামাখ্যাৰ ওচৰত মঞ্চৰ পৰাই প্ৰাৰ্থনা জনায় ৷ লগতে তেওঁ কয় যে জুবিন দাক আমি গীতৰ মাজৰে জীয়াই ৰাখিব লাগিব ৷ পিছত প্ৰাণৰ শিল্পীগৰাকীৰ আকস্মিক আৰু অনাকাংক্ষিত মৃত্যুত তেওঁ অতি মৰ্মাহত বুলি উল্লেখ কৰি গভীৰ শোক প্ৰকাশ কৰে ৷ শিল্পীগৰাকীয়ে প্ৰায় আঢ়ৈ ঘণ্টা সময় ইটোৰ পিছত সিটো জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰে আৰু উপস্থিত দৰ্শক ৰাইজেও প্ৰতিটো গীতত সহযোগ কৰে ৷ শিল্পীগৰাকীক ৰাস উদযাপন সমিতিৰ পৰা গামোচা, জাপি আদিৰে আদৰণি জনোৱা হয় ৷ ইয়াৰ পূৰ্বে মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে ৷

ইফালে, কালি শুৱালকুছিৰ ৰাসস্হলীত অগণন লোকৰ সমাগম হয় ৷ সন্ধিয়াৰে পৰা গভীৰ নিশালৈকে ৰাসস্হলীত বিৰ দি বাট নোপোৱা অৱস্থা হয় ৷ কি আনন্দমেলা, কি বস্ত্ৰমেলা, ৰাসৰ ষ্টল, হোটেল-ৰেস্তোৰাঁ আদি সকলোতে কেৱল মানুহ আৰু মানুহ ৷ অৱশ্যে সকলোতে শান্তিপূৰ্ণ পৰিৱেশ আছিল ৷ ইয়াৰ বাবে ৰাস উদযাপন সমিতিয়ে উপস্থিত সকলোকে ধন্যবাদ জনায় ৷

You might also like