মহিলা প্রিমিয়াৰ লীগত দ্বিতীয়বাৰলৈ খিতাপ অর্জন আৰচিবিৰ
নিউজ ডেস্ক, ৬ ফেব্রুৱাৰী : ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে দ্বিতীয়বাৰৰ বাবে মহিলা প্রিমিয়াৰ লীগৰ খিতাপ জয় কৰিছে৷ প্রতিযোগিতাখনৰ ৰোমাঞ্চকৰ ফাইনেল মেচখনত ২০২৪ চনৰ চেম্পিয়ন আৰচিবিয়ে দিল্লী কেপিটেলছক ৬ উইকেটত পৰাস্ত কৰে৷ ইফালে, দিল্লীয়ে ক্রমাগত চতুর্থবাৰৰ বাবে ৰানার্ছআপতে সন্তুষ্ট থাকে৷
মেচখনত দিল্লীয়ে জয়ৰ বাবে বান্ধি দিয়া ২০৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়িকা স্মৃতি মান্ধানাৰ ৪১ বলত ৮৭ আৰু জর্জিয়া ভ’লৰ ৫৪ বলত ৭৯ ৰানৰ সহায়ত আৰচিবিয়ে ১৯.৪ অভাৰত চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ মান্ধানা আৰু জর্জিয়াই দ্বিতীয় উইকেটত ১৬৫ ৰান কৰি দলৰ জয়ৰ পথ সুগম কৰে৷ ইয়াৰ পূর্বে বেটিং কৰি অধিনায়িকা জেমিমা ৰ’ড্রিগুৱেজৰ দর্শনীয় ৫৭ ৰান, লউৰা ৱ’লভার্ডৰ ৪৪, অ’পেনাৰ লিজেল লীৰ ৩৭ আৰু চিনেল হেনৰীৰ অপৰাজিত ৩৫ ৰানৰ সহায়ত দিল্লী কেপিটেলছে নির্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ২০৩ ৰান সংগ্রহ কৰে৷ শেফালি বার্মাই ২০ ৰানৰ অৰিহণা আগবঢ়ায়৷ ইনিংছ মুকলি কৰি লিজেল আৰু শেফালিয়ে প্রথম উইকেটত ৪৯ ৰান সংগ্রহ কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে৷
ইফালে, ৱ’লভার্ড আৰু জেমিমাই তৃতীয় উইকেটত ৭৬ ৰান সংগ্রহ কৰি দলক সবল স্থিতিত উপনীত কৰায়৷ ২৫টা বলত ৪৪ ৰান ৱ’লভার্ডে চিনেলৰ সৈতে চতুর্থ উইকেটত ৮৫ ৰান সংগ্রহ কৰি দিল্লীক শক্তিশালী স্থিতিত উপনীত কৰায়৷ চিনেলে ১৫টা বলত ৩৫ ৰান কৰে৷ ইফালে, জেমিমাই ৩৭টা বলত ৫৭ ৰানৰ অৰিহণা আগবঢ়ায়৷