নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ‘ইছৰো’ৰ সফল অভিযান : লক্ষ্যস্থানত উপস্থিত সৌৰযান ‘আদিত্য এল–১’

🔹 সূর্যৰ কাষৰ কক্ষপথত পাঁচ বছৰ গৱেষণা চলাব ভাৰতৰ সৌৰযানে

🔹 দেশৰ বিজ্ঞানীক ভূয়সী প্রশংসা প্রধানমন্ত্রী মোদীৰ

নিয়মীয়া ডিজিটেল ডেস্ক, ৬ জানুৱাৰী : ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ‘ইছৰো’ৰ পুনৰ সফল অভিযান৷ চন্দ্রযান–৩ৰ পিছত ভাৰতৰ প্রথম সৌৰ অভিযানো সফল হৈছে৷ আজি বিয়লি নির্দিষ্ট কক্ষপথত সফলভাৱে গৈ উপস্থিত হৈছে ‘আদিত্য এল–১’৷ পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰত্ব অতিক্রম কৰি সূর্যৰ নিকট কক্ষপথত প্রৱেশ কৰিছে ‘আদিত্য এল–১’–এ৷ আগন্তুক পাঁচ বছৰ ধৰি সূর্যৰ এই কক্ষপথতেই থাকিব সৌৰযান ‘আদিত্য এল–১’৷ পাঁচ বছৰ ধৰি সূর্য সন্দর্ভত বিভিন্ন তথ্য সংগ্রহ কৰিব সৌৰযানখনে৷ সূর্যক ওচৰৰ পৰা পর্যবেক্ষণ কৰিব ‘আদিত্য এল–১’–এ৷ আজি সৌৰ অভিযানৰ সাফল্যৰ খবৰ এক্স হেণ্ডেলত পোষ্ট কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মোদীয়ে এই পোষ্টত উল্লেখ কৰিছে– ‘ভাৰতে আৰু এক মাইল ফলক সৃষ্টি কৰিলে৷ ভাৰতৰ প্রথম সৌৰ পর্যবেক্ষণকাৰী মহাকাশযান ‘আদিত্য এল–১’ ইয়াৰ গন্তব্য স্থানত উপস্থিত হৈছে৷ এয়া আমাৰ বিজ্ঞানীসকলৰ নিৰলস পৰিশ্রমৰ ফচল৷ ইছৰোৰ এই অভাৱনীয় সাফল্যত সমগ্র দেশবাসীৰ সৈতে ময়ো গর্বিত৷ মানৱ সভ্যতাৰ স্বার্থত আমি বিজ্ঞানৰ এনেই আৰু বহু দুৱাৰ উন্মোচন কৰি থাকিম৷’ সূর্যৰ কাষৰ লাগাৰেঞ্জ পইণ্ট বা এল–১ পইণ্টৰ দূৰত্ব পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ৷ বিগত ৪ মাহ ধৰি যাত্রা কৰি এই পথ অতিক্রম কৰিছে ‘আদিত্য এল–১’–এ৷ আজি বিয়লি ৪ বজাত নির্দিষ্ট কক্ষপথটোত প্রৱেশ কৰে যানখনে৷ লক্ষণীয়ভাৱে লাগাৰেঞ্জ পইণ্টত পূর্বৰে পৰা মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ চাৰিখন যানে সূর্যক পর্যবেক্ষণ কৰি আছে৷ কিন্তু ভাৰতৰ বাবে এয়া এক গর্বৰ কথা এই কাৰণেই যে ইয়াৰ পূর্বে ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই সূর্যৰ ইমান ওচৰলৈ সৌৰযান প্রেৰণ কৰা নাছিল৷ সূর্যৰ পৰা পৃথিৱীৰ দূৰত্ব ১৫ কোটি কিলোমিটাৰ৷ তাৰ এক শতাংশ দূৰত্ব অতিক্রম কৰিছে ‘আদিত্য এল–১’–এ৷ লাগাৰেঞ্জ পইণ্টৰ পৰা সূর্যক স্পষ্ট ৰূপত দেখিবলৈ পোৱা যাব৷ এই ক্ষেত্রত কোনো বাধাৰ সৃষ্টি নহ’ব৷ স্মর্তব্য যে যোৱা ২ ছেপ্টেম্বৰত অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্রৰ পৰা সূর্যৰ উদ্দেশ্যে প্রেৰণ কৰা হৈছিল ‘আদিত্য এল–১’৷ পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ প্রভাৱৰ পৰা মুক্ত হৈ লক্ষ্যস্থানলৈ যাত্রা কৰে এই সৌৰ যানখনে৷ পৃথিৱীৰ ওচৰৰ পৰা মুঠ ৫টা কক্ষপথ সলনি কৰাৰ পিছত লাহে লাহে লাগাৰেঞ্জ পইণ্টলৈ গতি কৰে ‘আদিত্য এল–১’–এ৷ ৪ মাহৰ দীর্ঘ যাত্রা ‘আদিত্য এল–১’ৰ বাবে মসৃণ আছিল বুলি ইছৰোৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷ কাৰণ কোনোধৰণৰ বাধা পোৱা নাছিল ‘আদিত্য এল–১’–এ৷ এই দীর্ঘ সময়ৰ যাত্রাত সূর্যৰ বিভিন্ন ধৰণৰ ছবি ইছৰোলৈ প্রেৰণ কৰি আহিছে সৌৰ যানখনে৷

You might also like