নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুমৰদহত নিচাজাতীয় টেবলেট-কফ চিৰাপসহ আটক ১

নিয়মীয়া বাৰ্তা,  ২১ এপ্ৰিল : ধুবুৰী জিলাৰ গোলকগঞ্জৰ ডুমৰদহৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছৰ যাত্ৰীৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ ফ্লায়িং স্কোৱাডৰ দলে জব্দ কৰে । দলটোৱে উক্ত নিষিদ্ধ ড্ৰাগছখিনি সৰবৰাহ কৰা এজন যুৱকক আটক কৰে । ফ্লায়িং স্কোৱাডৰ অভিযানত ডুমৰদহ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৱে নিজকে ধুবুৰী বিদ্যাপাৰা ১০নং ৱাৰ্ডৰ বাপোন সৰকাৰ বুলি নিজকে চিনাকি দিছে । পশ্চিমবংগৰ পৰা এখন যাত্ৰীবাহী বাছেৰে ধুবুৰীলৈ নি থকাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথত ফ্লায়িং স্কোৱাডৰ তালাচীত সৰবৰাহকাৰীজনৰ পৰা ৩৩৮১টা নিচাজাতীয় টেবলেট, ৮৫টা নিচাজাতীয় কফ ছিৰাপ আৰু নগদ ৫,৩৯০ টকা জব্দ কৰে। পিছত ঘটনাস্থলীত বালাজান আৰক্ষী উপস্থিত হৈ ড্ৰাগছখিনি জব্দ কৰাৰ লগতে সৰবৰাহকাৰীটোক আটক কৰে ।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like