নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্ৰীয় কাৰাটেত চিৰাঙৰ নৱজিতাৰ সাফল্যঃ ব্যক্তিগত কাটাত ৰূপৰ পদক অৰ্জন

নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ পশ্চিমবংগৰ কলকাতাত যোৱা ৩০-৩১ জুলাইত নেতাজী ইনডৰ ষ্টেডিয়ামত সৰ্বভাৰতীয় চিছেনকাই ছিটোৰিও কাৰাটেড’ ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত চিৰাং জিলাৰ নৱজিতা শৰ্মাই বিশেষ সাফল্য অৰ্জন কৰিছে। নৱজিতাই ১৩ বছৰৰ ৪৫ কেজি ঊৰ্ধ্বৰ ছোৱালীৰ ব্যক্তিগত কাটা প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে। নৱজিতা বঙাইগাঁও শোধনাগাৰৰ কৰ্মচাৰী মানৱেন্দ্ৰ শৰ্মা আৰু ৰূপা শৰ্মাৰ কন্যা। চিৰাং জিলা কাৰাটেড’ এচোছিয়েশ্যনৰ প্ৰশিক্ষক বিৰদাও ব্ৰহ্মৰ অধীনত পাৰ্পল বেল্ট কাৰাটেৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা নৱজিতা দিল্লী পাব্লিক স্কুল (ঢালিগাঁও)ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী।
প্ৰেৰক বিপুল কুমাৰ দাস

You might also like