নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য সাংগঠনিক ভেটি সবল : ধুবুৰীত মন্ত্ৰী সঞ্জয় কিষাণৰ ছাডেন এণ্ট্ৰী

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ ৰাজ্যৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত দেশৰ নিৰ্বাচন আয়োগৰ তৎপৰতা আৰম্ভ হোৱাৰ সময়ত আজি  ধুবুৰীত উপস্থিত হয় মন্ত্ৰী সঞ্জয় কিষাণ। ধুবুৰী বিধানসভাৰ সমষ্টিৰ বিজেপিৰ বুথ সৱলীকৰণৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে স্থানীয় দলীয় কাৰ্যকৰ্ত্যাসকলৰ সৈতে এক বৈঠকত অংশ লয় তেওঁ। ধুবুৰীত উপস্থিত হোৱাৰ পিছত স্থানীয় আৱৰ্ত ভৱনত একাংশ সাংবাদিকে সাম্প্ৰতিক গামোচা বিতৰ্ক লৈ কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে বিষয়টোৰ ওপৰত নিজৰ কোনো ব্যক্তিগত মতামত দিয়াৰ পৰা বিৰত থাকে। বিষয়টো বাতৰিত পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে কালি আমাৰ বিধানসভাৰ অধিৱেশন আছে। মই তিনিচুকীয়াৰ পৰা বাহিৰে বাহিৰে সাংগঠনিক কামত ধুবুৰীলৈ আহিছোঁ। বিষয়টো লৈ কালি নিশ্চয় আমি আমাৰ দলৰ ফালৰ পৰা আলোচনা কৰিম। আমাৰ বিধানসভাতো নিশ্চয় বিষয়টো আলোচিত হ’ব।” আনহাতে সম্প্ৰতি বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৭৫ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰা অসম কন্যা লাভনীনা বৰগোঁহাইৰ সাফল্যক লৈ উৎফুল্লিত মন্ত্ৰী সঞ্জয় কিষানে খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like