নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ধুবুৰীৰ প্ৰখ্যাত অশোকাষ্টমী মেলা

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ কাইলৈৰ পৰা আৰম্ভ হ’ব ধুবুৰীৰ প্ৰখ্যাত অশোকাষ্টমী মেলা। কাইলৈ বিয়লি ৫ বজাত ধুবুৰীৰ উপায়ুক্ত দিৱাকৰ নাথে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মেলাখন। জিলা প্ৰশাসন আৰু ধুবুৰী মেলা কমিটিৰ মাজত হোৱা আলোচনা মৰ্মে এইবেলি ১৫ দিনৰ বাবে মেলাখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হোৱা বুলি প্ৰকাশ। উল্লেখ্য যে, এইবাৰ ৫৩ বছৰত ভৰি দিয়া ধুবুৰীৰ এই অশোকাষ্টমী মেলাখন ১৯৬৪ চনত প্ৰথম আৰম্ভ হৈছিল। ধুবুৰী পৌৰসভাৰ তদানীন্তন অধ্যক্ষ কমল কুমাৰ দে’ৰ নেতৃত্ব আৰম্ভ হোৱা এই মেলাখনে সময়ৰ গতিত বৰ্তমানে বিশাল এক ৰূপ ধাৰণ কৰিছে। ধুবুৰীৰ কাষেৰে বৈ যোৱা গদাধৰ নৈৰ পানী খৰালীত শুকাই সৃষ্টি হোৱা মেলা ময়দান বুলি স্থানীয় লোকৰ মাজত পৰিচিত এক বিশাল বালিৰ চৰত অনুষ্ঠিত হয় এই মেলাখন। কেৱল ধুবুৰী জিলাৰেই নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ উপৰিও চুবুৰীয়া পশ্চিমবংগ আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ৰাইজৰো সমাগম ঘটে এই মেলাখনত। ১৫ দিনীয়া এই মেলাখনক লৈ প্ৰতি বছৰে ধুবুৰীত সৃষ্টি হয় এক উৎসবমুখৰ পৰিৱেশৰ। মেলাথলীত আহাৰৰ পৰা বিভিন্ন সামগ্ৰীৰ দোকানকে ধৰি পুতুলা খেল, জাদু খেল আদি নানান বিনোদনমূলক দোকান দিবলৈ সমগ্ৰ দেশৰ ভিন ভিন প্ৰান্তৰ পৰা ধুবুৰী লৈ আগমন ঘটে ব্যৱসায়ীৰ। মেলাত দোকান দিবলৈ ইচ্ছুক ব্যৱসায়ীয়ে ল’ব লাগে মেলা কমিটিৰ অনুমতি লোৱাটো বাধ্যতামূলক। কমিটিয়ে দোকানৰ আকাৰ-ভেদে নিৰ্ধাৰিত মূল্যত প্ৰদান কৰে সেই অনুমতি। প্ৰতি বছৰে ধুবুৰীৰ এই অশোকাষ্টমী মেলাত শতাধিক সৰু-বৰ দোকান বহে। ধুবুৰীৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনত এক বিশেষ প্ৰভাৱ আছে এই মেলাখনৰ। কেৱল মেলাৰ দোকানীসকলেই নহয়; মেলাথলীলৈ আগমন ঘটা ৰাইজক অনা-নিয়া কৰিবলৈ স্থানীয় ই-ৰিক্সা, যাত্ৰীৱাহী টেম্প’কে ধৰি বিভিন্ন সৰু-বৰ যাত্ৰীৱাহী বাহনৰ চালক-পৰিচালকসকলেও আগ্ৰহেৰে বাট চায় মেলাখনলৈ। ধুবুৰীৰ এক দীৰ্ঘ ইতিহাস আৰু সমাজৰ সকলো স্তৰৰ ৰাইজৰ মিলন ভূমি স্বৰূপ এই অশোকাষ্টমী মেলাখনে অসম চৰকাৰৰ পৰ্য্যটনৰ মানচিত্ৰত স্থান পোৱাটো কিন্তু অন্তঃকৰণে কামনা কৰে সকলোৱে। এনে প্ৰেক্ষাপটত, ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ধুবুৰীৰ এই মেলাখনক নিজৰ বিভাগটোৰ আওতালৈ আনিব বুলি আশা কৰে ধুবুৰীৰ সকলো স্তৰৰ ৰাইজে। লগতে মেলাখন নিজৰ আওতালৈ আনি পৰ্য্যটন বিভাগেও বছৰি এক বৃহৎ অংকৰ ধন ৰাজকোষলৈ নিয়াৰ অৱকাশ থকা বুলিও আঙুলিয়াই দিছে একাংশই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like