নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বিলঙত সন্ধান ওলাল নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী ভাৱনা শৰ্মাৰ

ডিজিটেল ডেস্ক, ২৫ এপ্ৰিল : ওৰ পৰিল জল্পনা-কল্পনাৰ। অৱশেষত শ্বিলঙত সন্ধান পোৱা গ’ল গুৱাহাটীৰ পৰা নিখোঁজ হোৱা ভাৱনা শৰ্মাৰ। শুকুৰবাৰে পৰিয়াললৈ বিপদত পৰাৰ বাৰ্তা প্ৰেৰণ কৰি সন্ধানহীন হোৱা গুৱাহাটীৰ স্কুল শিক্ষয়িত্ৰী ভাৱনা শৰ্মা শ্বিলঙৰ প’ল’ গ্ৰাউণ্ডৰ সমীপৰ এটা বেংকৰ তলত উদ্ধাৰ হৈছে। আজি পুৱা কান্দি থকা অৱস্থাত এগৰাকী মহিলাই ভাৱনা শৰ্মাক প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে।

উল্লেখ্য যে শুকুৰবাৰৰ পৰা সন্ধানহীন হৈছিল ভাৱনা শৰ্মা। শুক্ৰেশ্বৰ মন্দিৰৰ সমীপত পোৱা গৈছিল ভাৱনাৰ অন্তিম লোকেচন। অৱশেষত শ্বিলঙত উদ্ধাৰ হ’ল ভাৱনা শৰ্মা। যুৱতীগৰাকীৰ পৰিয়ালে বাৰে বাৰে তেওঁৰ সৈতে যোগাযোগৰ চেষ্টা কৰি ব্যৰ্থ হোৱাত আৰক্ষীক সমগ্ৰ ঘটনা অৱগত কৰিছিল।

খবৰ অনুসৰি ভাবনা শৰ্মাৰ পৰিয়ালৰ লোকে আৰক্ষীৰ দলৰ সৈতে তেওঁক আনিবলৈ শ্বিলঙলৈ ৰাওনা হৈছে। প্ৰাথমিক অনুসন্ধানত অপহৰণ নহয় বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। বৰ্তমান শ্বিলং থানাত আছে ভাৱনা শৰ্মা।

You might also like